ফল-ফুল আৰু ঔষধি গছৰ নাৰ্চাৰী খুলি স্বাৱলম্বী শিক্ষিত যুৱক বিমান বৰা

nagaon flower cultivator.docx photo

নার্চাৰী খুলি স্বাৱলম্বী নগাৱৰ বিমান বৰা। ফটো : নৰ্থইষ্ট নাও

যি সময়ত ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলে এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাব লগা হৈছে তেনে সময়তে এজন শিক্ষিত অসমীয়া যুৱকে তেওঁৰ চাকৰি ত্যাগ কৰি খেতিৰে নিজকে স্বাৱলম্বী কৰি তুলিছে। এইগৰাকী শিক্ষিত যুৱকে বিভিন্ন ধৰণৰ ফুল আৰু ফলৰ লগতে ঔষধি গছৰ খেতিৰে নাৰ্চাৰী খুলি নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে নিবনুৱা সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াইছে।

নগাঁও জিলাৰ এগৰাকী শিক্ষিত যুৱক নাম তেওঁৰ বিমান বৰা। এসময়ত প্ৰবক্তা হিচাপে কৰ্মৰত হোৱা এইজন শিক্ষিত যুৱকে পৰৰ্বতী সময়ত সেই কৰ্ম ত্যাগ কৰি বিভিন্ন ধৰণৰ খেতিৰ কামত জৰিত হৈ পৰে।

বিগত ডেৰ বছৰ ধৰি নগাঁও চহৰৰ সমীপৰ বৰঘাটৰ চাৰিলাইন যুক্ত পথৰ কাষৰ পথাৰৰ ২৩ বিঘা মাটিত খেতি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰাই স্বাৱলম্বী হৈছে শিক্ষিত যুৱকজন।  বৰ্তমান বিমানৰ  ২৩ বিঘা মাটিত  ফুল-ফলগছ আৰু বিভিন্ন ঔষধি গছ ভৰি আছে৷ ইয়াৰে ভিতৰত বতৰীয়া  আৰু আবতৰীয়া ফুল বিধে বিধে জাতিষ্কাৰ হৈ পৰিছে ৷

মেৰীগলড্, পিটুনিয়া ডাইন, ঠাৰ্চ, চন্দ্ৰ মল্লিকা, ডালিয়াকে ধৰি প্ৰায় ৩০ বিধ প্ৰজাতিৰ বতৰত ফুলা ফুলৰ উপৰি ব্লিডিং বাৰ্ড, গোলাপ, খৰিকাজাই, ৰজনী গন্ধা, গাৰ্লিক ডাইন আদি প্ৰায় ২৫ বিধ ফুল যি কোনো সময়তে ফুলি সৌন্দৰ্য বৃদ্ধি কৰিছে বিমানৰ মৰমৰ অপৰূপা নামৰ নাৰ্চাৰীখনত।

বিমানৰ এই নাৰ্চাৰীত ৩৫০ প্ৰজাতিৰ গছ পুলি আছে। ইয়াৰে শতমূল, জম লাখুটি, সৰ্প গন্ধা, চন্দন আদি বহু মূল্যৱান ঔষধি গছো আছে। ১০ টকাৰ পৰা আৰম্ভ কৰি ১০,০০০ টকা পৰ্যন্ত এই নাৰ্চাৰীত বিভিন্ন প্ৰজাতিৰ ফুল উপলব্ধ৷ বিমানৰ এই নাৰ্চাৰীলৈ অসমৰ বিভিন্ন ঠাইৰ লোকে  ফল-ফুল আৰু গছ পুলি ক্ৰয় কৰিবলৈ আহে।

এই যুৱকজনৰ নাৰ্চাৰীত  পোন্ধৰজনতকৈও অধিক কৰ্মচাৰীয়ে কৰ্ম সংস্থাপন লাভ কৰি আহিছে। ইয়াৰ উপৰি বিমানে সৌৰশক্তিৰ জৰিয়তে উৎপাদন হোৱা বিজুলীৰ দ্বাৰা নাৰ্চাৰীখনত প্ৰয়োজনীয় বিজুলী ব্যৱহাৰ কৰে।

যুৱকজনৰ এনে কৃষি বৃত্তিৰ পদক্ষেপক নগঞা ৰাইজে শলাগ লোৱাৰ উপৰি নৱ প্ৰজন্মক খেতি কৰি স্বাৱলম্বী হ’বলৈ আগ্ৰহী কৰি তুলিছে।