• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰোনাতংক! : ৰাজ্যৰ শিক্ষানুষ্ঠানলৈ শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা; কি কি নিৰ্দেশনা পালন কৰিব লাগিব শিক্ষানুষ্ঠানসমূহে?

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
April 20, 2021 3:29 pm
assam_education2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ লগতে ৰাজ্যত কৰোনাৰ দ্বিতীয় ঢৌৱে ক্ৰমশঃ অপ্ৰতিৰোধ্য গতিত সংক্ৰমিত হোৱাৰ পৰিপ্ৰেক্ষিতত মংগলবাৰে অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষানুষ্ঠানসমূহলৈ কিছুমান নতুন নিৰ্দেশনা জাৰি কৰিছে।

শিক্ষা বিভাগে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি ৰাজ্যৰ যিসমূহ জিলাত কোভিড আক্ৰান্তৰ সংখ্যাই ১০০ অতিক্ৰম কৰিব সেইসমূহ জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী প্ৰাথমিক শিক্ষানুষ্ঠান (প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ) সম্পূৰ্ণ বন্ধ থাকিব।

অৱশ্যে পৰৱৰ্তী সময়ত শিক্ষাৰ্থীসকলৰ পাঠদান অব্যাহত ৰখাৰ বাবে অনলাইন পাঠদানৰ ব্যৱস্থা কৰিব লাগিব শিক্ষানুষ্ঠানসমূহৰ কৰ্তৃপক্ষই।

আনহাতে আক্ৰান্ত সংখ্যাই ১০০ অতিক্ৰম কৰা জিলাসমূহৰ উচ্চ প্ৰাথমিক(ষষ্ঠৰ পৰা অষ্টম), মাধ্যমিক(নৱমৰ আৰু দশম) আৰু উচ্চ মাধ্যমিক(একাদশ আৰু দ্বাদশ)ৰ চৰকাৰী আৰু বেচৰকাৰী সকলো শিক্ষানুষ্ঠানে কোভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা সকলো ধৰণৰ সাধাৰণ নিৰ্দেশনা মানি চলাতো কঠোৰভাৱে বাধ্যতামূলক হ’ব।

উচ্চ প্ৰাথমিকৰ পৰা উচ্চ মাধ্যমিকৰ সকলো শ্ৰেণীৰ ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতিৰে পাঠদান কৰিব পাৰিব শিক্ষানুষ্ঠানসমূহে।

নিৰ্দেশনা অনুসৰি প্ৰতিটো শ্ৰেণীত গঢ়ে ৫০ গৰাকী শিক্ষাৰ্থীক লৈ একোটা শাখা বিভক্ত কৰি ৰোল নং ১ৰ পৰা ২৫ লৈ সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে পাঠদান কৰিব লাগিব। ঠিক তেনেদৰে ৰোল নং ২৬ৰ পৰা ৫০ লৈ সপ্তাহৰ মংলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে পাঠদান কৰিব লাগিব শিক্ষাষ্ঠানসমূহে।

যদি কোনো শাখাত ৫০ গৰাকীকৈ কম শিক্ষাৰ্থী থাকে তেনে শিক্ষানুষ্ঠানৰ প্ৰধানে সেই অনুপাতে পাঠদানৰ ব্যৱস্থা কৰিব লাগিব।

শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই এবাৰত তিনিটা শ্ৰেণীৰ পাঠদান কৰিব পাৰিব। প্ৰথমটো পাঠদানৰ পৰা দ্বিতীয়টো পাঠদানৰ মাজত যথেষ্ট সময়ৰ ব্যৱধান থাকিব লাগিব যাতে শিক্ষাষ্ঠানটোৰ প্ৰৱেশ আৰু প্ৰস্থান গেটত একে সময়তে শিক্ষাৰ্থীসকলৰ বৃহৎ পৰিমাণৰ ভিৰ উদ্ভৱ নহয়।

শিক্ষানুষ্ঠানসমূহে যেতিয়াৰ সম্ভৱ হয় তেতিয়াৰ পৰাই মান সম্পন্ন অনলাইন পাঠদান আৰম্ভ কৰিব লাগিব।

ইফালে পাঠদানৰ সময়ত শিক্ষানুষ্ঠানসমূহে কোভিড বিধি কঠোৰভাৱে পালন কৰিব লাগিব। অৰ্থাৎ হাত ধোৱা, চেনিটাইজ কৰা, মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বৰ্তাই ৰখাতো বাধ্যমূলক কৰিব লাগিব শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই। শিক্ষানুষ্ঠানখনো চেনিটাইজ কৰিব লাগিব শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই।

পুৱাৰ প্ৰাৰ্থনা সভা সম্পূৰ্ণৰূপে বন্ধ কৰাৰো নিৰ্দেশ দিছে শিক্ষা বিভাগে। কোনো শিক্ষানুষ্ঠানে প্ৰাৰ্থনা আৰু পাতঃ সভা অনুষ্ঠিত কৰিব নোৱাৰিব।

কাঁহ, জ্বৰ, চৰ্দি আদিৰ লক্ষণ থকা শিক্ষক আৰু শিক্ষাৰ্থী শিক্ষানুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব।

আক্ৰান্ত সংখ্যাই ১০০ অতিক্ৰম কৰা জিলাসমূহৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহতো এটা দিনত ৫০ শতাংশ শিক্ষাৰ্থীহে উপস্থিত থাকিব পাৰিব। উচ্চ শিক্ষানুষ্ঠানসমূহে যিমান দূৰ সম্ভৱ ভাৰ্চুৱেল বিকল্পবোৰ গ্ৰহণ কৰিব লাগিব।

মহাবিদ্যালয়/বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিশ্চিত কৰিব লাগিব যাতে চৌহদত সকলো কোভিড প্ৰটক’ল বজাই ৰখা হয় আৰু প্ৰতিটো কৰ্মদিনত ৫০ শতাংশ শিক্ষাৰ্থী বাছনি কৰাৰ প্ৰক্ৰিয়াটো মহাবিদ্যালয়/বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নিজৰ দায়িত্ব হ’ব।

জিলাসমূহৰ উপায়ুক্তসকলে তেওঁলোকৰ নিজ নিজ জিলাত কোভিড পৰিস্থিতি পৰ্যালোচনা কৰিব আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ হিচাপে দায়িত্ব লৈ দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫-ৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত ক্ষমতা প্ৰয়োগ কৰিব পাৰিব।

পৰৱৰ্তী অধিসূচনাৰ জাৰি নকৰা পৰ্যন্ত অহা ৮ মে’লৈকে এই নিৰ্দেশনাসমূহ শিক্ষানুষ্ঠানসমূহে মানি চলিব লাগিব বুলি জাননীখনত উল্লেখ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে।

Tags: COVID-19
প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

August 26, 2025 7:55 pm
কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

August 26, 2025 7:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd