ছেবাৰ ব্যৰ্থতাৰ দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰকঃ দাবী ডি ৱাই এফ আইৰ

SEBA

ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ খেলা কৰিছে অসমৰ শিক্ষামন্ত্ৰীয়ে। মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ পাছতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে এই অভিযোগ তুলি তেওঁক শীঘ্ৰে পদত্যাগ কৰিবলৈ দাবী জনাইছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে।

মেট্ৰ্ৰিকৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা সঠিকভাৱে পৰিচালনা কৰিব নোৱাৰা ছেবাৰ অধ্যক্ষৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা ল’বলৈ ডি ৱাই এফ আয়ে দাবী জনাইছে। আজি অনুষ্ঠিত হ’বলগীয়া সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত কালি নিশাই পৰীক্ষা বাতিলৰ ঘোষণা পাছতে আজি এক বিবৃতি যোগে ছাত্ৰ সংগঠনটোৱে এই দাবী কৰে।

ডি ৱাই এফ আই- এ বিবৃতিত কয়, “হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অনিয়মৰ ধাৰাবাহিকতা ৰক্ষা কৰি পুনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰি ছেবা আৰু শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীক ডাঙৰ মানসিক আঘাত দিছে। এয়া একেবাৰে অনাকাংক্ষিত।”

শিক্ষা বিভাগ তথা ছেবা কৰ্তৃপক্ষৰ অকৰ্মণ্যতাৰ বাবেই এনে কাৰ্য সম্ভৱ হৈছে বুলি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে দাবী কৰিছে।

ছেবাৰ দায়িত্বহীনতাৰ বাবে পৰীক্ষা বাতিল কৰিবলগীয়া হোৱাত সমগ্ৰ ৰাজ্যখনতে ছাত্ৰ-শিক্ষক, অভিভাৱক তথা সচেতন সমাজ মৰ্মাহত হৈ পৰাৰ সময়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আশ্চৰ্যজনকভাৱে মৌন হৈ আছে বুলিও সংগঠনটোৱে অভিযোগ কৰিছে।

ইয়াৰ বিপৰীতে একাংশ মন্ত্ৰী আৰু একাংশ শাসক দলৰ বিধায়কে অতি তুলুঙা মন্তব্য দিয়া পৰিলক্ষিত হৈছে আৰু এয়া অত্যন্ত নিন্দনীয় আৰু গৰিহণাযোগ্য বুলি ডি ৱাই এফ আয়ে লগতে খেদ প্ৰকাশ কৰে।

ডি ৱাই এফ আয়ে পৰীক্ষা বাতিলৰ দৰে পৰিস্থিতি আৰু ছেবাৰ দায়িত্বহীনতাৰ বিষয়ত মুখ্যমন্ত্ৰীৰ স্থিতি স্পষ্ট কৰিবলৈও দাবী উত্থাপন কৰিছে।