শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু সাংসদ তপন কুমাৰ গগৈৰ উপস্থিতিত শিৱসাগৰত পোষণ ৰথৰ শুভাৰম্ভ

77dfc4ff-5ec7-47ab-8592-9ce0c1d39117

ফটো : নৰ্থ-ইষ্ট নাও

যোৱা ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা পোষণ মাহৰ কাৰ্যসূচীৰ অংশৰূপে আজি পুৱা উপায়ুক্ত কাৰ্য্যালয় প্ৰাংগণৰ পৰা পোষণ ৰথৰ যাত্ৰাৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।

এই অনুষ্ঠান সন্দৰ্ভত আয়োজিত এক বৈঠকত উপস্থিত থাকি শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই জিলাখনত শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে পুষ্টিৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা উদ্যোগ সমূহক প্ৰশংসনীয় বুলি উল্লেখ কৰে।

এখন সবল ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে পুষ্টিকৰ খাদ্য যোগানৰ দ্বাৰা শিশু আৰু মাতৃৰ সুস্বাস্থ্য সুনিশ্চিত কৰাটো অতি প্ৰয়োজনীয় বুলিও তেওঁ মতপোষন কৰে।

শিক্ষা মন্ত্ৰী গৰাকীয়ে নিজ বক্তব্যত শিশু আৰু মহিলা সকলৰ স্বাস্থ্যৰ বাবে দৰকাৰী পুষ্টিৰ বাবে দৰৱ, ভিটামিন, খাদ্য পৰিপূৰক (Food Supplement)ৰ পৰিবৰ্তে সহজতে উপলব্ধ থলুৱা ফলমূল, খাদ্য আদি প্ৰদান কৰাৰ পোষকতা কৰে। পিতৃ-মাতৃয়ে নিজৰ সন্তানক এনে খাদ্যৰ প্ৰতি আগ্ৰহী কৰি সুষম খাদ্যভ্যাস গঢ়ি তুলিব লাগে বুলিও মন্ত্ৰী গৰাকীয়ে কয়।

তেওঁ কয় যে, সুষম খাদ্যই আমাক বহু ধৰণৰ বেমাৰৰ পৰা ৰক্ষা কৰে। তদুপৰি অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষই কিশোৰী সকল পুষ্পিতা হোৱাৰ পিছত প্ৰয়োজনীয় স্বাস্থ্যৰ যত্ন, পৰিষ্কাৰ-পৰিচ্ছন্নতা (Menstrual Hygiene) আৰু চেনিটাৰী নেপকিন ব্যৱহাৰৰ প্ৰতি সচেতনতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শক্তিশালী, সবল আৰু সুস্বাস্থ্যৰ অধিকাৰী কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু পদক্ষেপৰ বিষয়ে উল্লেখ কৰি এই সমূহৰ সফল ৰূপায়ণৰ বাবে শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰীকে আদি কৰি সংশ্লিষ্ট বিভাগ সমূহৰ মাজত সুসমন্বয়ৰ প্রয়োজন বুলি উল্লেখ কৰে।

বৈঠকত প্ৰদান কৰা আদৰণি ভাষণত জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণণে পোষণ মাহৰ সকলো কাৰ্যসূচীৰ সফলতাৰে সম্পন্ন কৰি সমাজৰ পৰা পুষ্টিহীনতা সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰিবলৈ সংশ্লিষ্ট বিভাগ সমূহক পোষণ অভিযানক এক জন-আন্দোলন ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনায়।

জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱীয়ে পোষণ মাহ উদযাপন উপলক্ষে জিলাখনত গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী সম্পৰ্কে চমু আভাষ দাঙি ধৰে।

উল্লেখ্য যে, এই পোষণ ৰথখনৰ মাধ্যমেৰে আজি আৰু কাইলৈ জিলাখনৰ বিভিন্ন অঞ্চলত শিশু আৰু মহিলাৰ সৰ্বাংগীন বিকাশৰ বাবে পুষ্টিৰ প্রয়োজনীয়তাৰ বিষয়ে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰা হ’ব।

বৈঠকত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিনহা, সহকাৰী আয়ুক্ত মনালি প্ৰসাদ ৰজাক, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী, অংগনৱাড়ী কৰ্মী-সহায়িকা, স্বাস্থ্যকৰ্মী, স্বেচ্ছাসেৱী তথা ভালেসংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে।

উল্লেখযোগ্য যে, সাংসদ গগৈয়ে জিলাখনত যোৱা ৩০ আগষ্টত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত দুৰ্ভাগ্যজনক ভাৱে প্ৰাণ হেৰুওৱা চাৰিগৰাকী বন কৰ্মীৰ পৰিয়ালক আৰ্থিক সাহায্যও আগবঢ়ায়।