NORTHEAST NOW (Assamese)

সীমা বিবাদ: শিৱসাগৰ,কলিয়াবৰত জ্বলিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা

July 28, 2021 5:51 pm · পাৰ্শ্বজ্যোতি গগৈ,ৰিদিপ শৰ্মা
শিৱসাগৰত অমিত শ্বাহৰ পুত্তলিকা দাহ

অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মিজোৰাম, অৰুণাচল,  মেঘালয় আদিৰ লগত দীৰ্ঘদিনে চলি থকা সীমা সমস্যা সমাধানত ব্যৰ্থ হোৱা কেন্দ্ৰীয় চৰকাৰ আৰু অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্ত্তন কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে নগৰৰ মাজমজিয়াস্থিত ষ্টেচ্যন চাৰিআলিত  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰোপৰি সৌ সিদিনা মিজোৰাম পুলিচৰ গুলিত নিহত হোৱা অসম আৰক্ষীৰ ৬ জন জোৱান আৰু এজন সাধাৰণ মানুহৰ মৃত্যু হোৱা ঘটনাক তীব্ৰ গৰিহণা দি  সংগঠনটোৱে কয় নিৰাপত্তাৰ ক্ষেত্ৰত এয়া কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসম চৰকাৰ সম্পূৰ্ণ  ব্যৰ্থ।

কলিয়াবৰতো অমিত শ্বাহৰ পুত্তলিকা দাহ কৰা হয়।

অসমৰ ৭ জনকৈ বীৰ জোৱানে অসমৰ সীমাৰ বাবে শ্বহীদ হোৱাৰ পাছতেই জ্বলিছে অসম ।

অসমৰ সীমা সমস্যা সমাধানৰ বাবে কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে দাহ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা ।

কলিয়াবৰত অমিত শ্বাহৰ পুত্তলিকা দাহ

কলিয়াবৰ তিনিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰে অমিত শ্বাহৰ পুত্তলিকা ।

সীমা সমস্যা সমাধান কৰাকে ধৰি বিভিন্ন শ্লোগান প্ৰয়োগ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসমৰ সীমা বিবাদ কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে দুৰ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে কেন্দ্ৰীয় চৰকাৰক।

Related News