NORTHEAST NOW (Assamese)

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

April 14, 2021 5:34 pm · এন ই নাও নিউজ

‘এম ভি এভাৰ গিভেন’ (MV Ever Given) নামৰ বৃহদাকাৰ জাহাজখনৰ স্বত্বাধিকাৰৰ পৰা চুৱেজ খাল কৰ্তৃপক্ষই ৯০০ মিলিয়ন ডলাৰ ক্ষতিপূৰণৰ দাবী কৰিছে।

ইতিমধ্যে জাহাজখন চুৱেজ কৰ্তৃপক্ষই ইজিপ্টৰ ‘ইচমাইলিয়া ইকনমিক কোৰ্ট’ৰ নিৰ্দেশ অনুসৰি জব্দ কৰি ৰাখিছে আৰু ক্ষতিপূৰণ পৰিশোধ নকৰালৈকে জাহাজখন মুক্ত কৰি নিদিয়ে।

মঙলবাৰে চুৱেজ কৰ্তৃপক্ষই এই কথা জনাইছে।

উল্লেখযোগ্য যে ২৩ মাৰ্চত ইজিপ্টৰ চুৱেজ খালত জাহাজখন প্ৰায় এসপ্তাহ ধৰি আৱদ্ধ হৈ আছিল।

যাৰ ফলত বিশ্বৰ অৰ্থনীতি অচল হৈ পৰিছিল।

২০০,০০০ টন ওজনৰ জাহাজখন মুকলি কৰিবৰ বাবে বিশেষজ্ঞ উদ্ধাৰকাৰীসকলে ৬ দিন ধৰি দিনে নিশাই কাম কৰিছিল।

চুৱেজ খাল কৰ্তৃপক্ষৰ মতে, জাহাজখন আৱদ্ধ হৈ থকাৰ বাবে ইজিপ্টই প্ৰতি দিনাই খালটোৰ পৰা ১২ৰ পৰা ১৫ মিলিয়ন ডলাৰ ৰাজহৰ লোকচানৰ সম্মুখিন হ’ব লগা হৈছিল।

উল্লেখযোগ্য যে বিশ্বৰ ব্যৱসায়জগতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ চুৱেজ খাল হৈছে ইজিপ্টৰ এটা মূল অৰ্থনৈতিক সম্পদ।

খালটোৰ পৰা ২০১৯-২০ বিত্তীয় বৰ্ষত দেশখনে ৫.৭ বিলিয়ন ডলাৰ ৰাজহ আয় কৰিছিল।

তদুপৰি উদ্ধাৰকাৰ্যতো খালটো ব্যাপকভাৱে ক্ষতিসাধন হোৱা বুলি কৰ্তৃপক্ষই জনাইছে।

উল্লেখযোগ্য যে জাহাজখনৰ স্বত্বাধিকাৰ হৈছে জাপানৰ ব্যৱসায়ী শ্বৱেই কিছেন কাইছা।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী দুয়ো পক্ষৰ পৰা এই সম্পৰ্কত আলাপ-আলোচনা চলি আছে।

Related News