ডাইনীৰ নামত হত্যাৰ অভিযোগত গোৱালপাৰাত আঠজনক যাৱজ্জীৱন কাৰাদণ্ড

Court-martal-750x375-1140x570

প্ৰতিনিধিমূলক ফটো

ডাইনীৰ নামত হত্যাৰ এক গোচৰত গোৱাৰপাৰাৰ জিলা তথা ন্যায়িক দণ্ডাধীশৰ আদালতে আঠজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে।

ন্যায়াধীশ টি কে ভট্টাচাৰ্যই এই শাস্তিৰ নিৰ্দেশ দিয়ে।

তেওঁ এই আঠজন লোকক ধূপধৰা থানাৰ অন্তৰ্গত মেধিকোনাৰ ৭০ বছৰীয়া মুধেশ্বৰী ৰাভাক হত্যাত দোষী সাৱ্যস্ত কৰে।

অভিযুক্ত লোককেইজন হৈছে- যোগেশ ৰাভা, ছবে ৰাভা, নগেন ৰাভা, ছান্টা ৰাভা, কানুবালা ৰাভা, খগেন ৰাভা, হেন্দেলি ৰাভা আৰু ছুটু ৰাভা।

অভিযুক্তসকলৰ মাজৰ ছয়জন পুৰুষ আৰু দুজনী মহিলা।

ঘটনাৰ বলি মুধেশ্বৰী ৰাভাক অপৰাধী ব্যক্তিকেইজনে ২০১২ চনৰ ৩ মাৰ্চৰ পুৱতি নিশা ৩ মান বজাত আক্ৰমণ কৰি প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত হৈ পাছত মৃত্যমুখত পৰিছিল।

ইয়াৰ পাছতে মুধেশ্বৰী ৰাভাৰ পুত্ৰ ৰাজু ৰাভাৰ অভিযোগৰ ভিত্তিত ধূপধৰা থানাত এটা গোচৰ পঞ্জীয়ন কৰা হয়।

ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪৪৮/৩০২ ধাৰা অধীনত এটা গোচৰ (১৭/১২নং) অভিযুক্তকেইজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল।

আৰক্ষীয়ে অনুসন্ধানত জানিব পাৰে যে ঘটনাটো ডাইনী কাণ্ডৰ সৈতে জড়িত।

গাঁৱবাসীয়ে মুধেশ্বৰীক গাঁৱবাসীৰ ক্ষতি কৰা ডাইনী বুলি ধৰি লৈছিল।

সাত বছৰৰ বিচাৰ প্ৰক্ৰিয়াৰ পাছত আদালতে বুধবাৰে ইয়াৰ চূড়ান্ত ৰায় প্ৰদান কৰে।

‘’সকলো পৰিস্থিতি তথা তথ্য বিচাৰ কৰাৰ পাছত অভিযুক্তসকলক ভাৰতীয় দণ্ডবিধিৰ ৩০২/১৪৯ ধাৰাৰ অধীনত দোষী সাৱ্যস্ত কৰা হয় আৰু যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হয় আৰু লগতে ৫ হাজাৰ টকাৰ জৰিমনা বিহা হয় য’ত জৰিমনা অবিহনে অতিৰিক্ত ছয়মাহ সাধাৰণ কাৰাবাস খাটিব লাগিব,’’-ৰায়টোত এইদৰে কোৱা হৈছে।

ডাইনীৰ কাণ্ড এক মাৰাত্মক অন্ধবিশ্বাস আৰু ই চাহ বাগিচা, ভিতৰুৱা জনজাতীয় তথা পাছপৰা গাওঁসমূহত বহুতো নিৰীহ লোকৰ হত্যাৰ কাৰণ হৈ পৰিছে।

জিলাসমূহৰ ভিতৰত কোকৰাঝাৰ এই সংক্ৰান্তীয় মৃত্যুৰ ঘটনাত শীৰ্ষত আছে আৰু গোৱালপাৰা আদি জিলাত বিক্ষিপ্তভাৱে ঘটনাসমূহ ঘটি আছে।

বিগত ১৮ বছৰত ৰাজ্যখনত ১৬১ টা ডাইনীৰ নামত হত্যাৰ ঘটনা সংঘটিত হৈছে যাৰ ভিতৰত কোকৰাঝাৰ জিলাত সৰ্বাধিক ৪৫ টা এনেধৰণৰ ঘটনা ঘটিছে।