পুনৰ অক্সিজেনৰ অভাৱত মৃত্যু ৮ গৰাকী কৰোনাক্ৰান্তৰ : হাস্পতালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি আত্মীয়ৰ

index.jpgk

অক্সিজেনৰ অভাৱত পুনৰ ৮ গৰাকী কৰোনাক্ৰান্তৰ মৃত্যু হৈছে দিল্লীত। শনিবাৰে মৃত্যু হোৱা কৰোনাক্ৰান্তসকলৰ বয়স ৪০ৰ পৰা ৭৫ বছৰৰ ভিতৰত হ’ব বুলি জানিব পৰা গৈছে।

ছেক্টৰ ৫৬স্থিত কৃৰ্তি হাস্পতালত অক্সিজেনৰ অভাৱত কোভিড ৰোগীৰ মৃত্যু হোৱাৰ পিছতে আত্মীয় লোকে হাস্পতালখনত আক্ৰমণ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

আত্মীয় লোকসকলে দাবী কৰা অনুসৰি চিকিৎসক তথা চিকিৎসা কৰ্মীৰ অৱহেলাৰ বাবেই ৰোগীসকলৰ মৃত্যু হৈছে।

জানিব পৰা মতে ৰোগীসকলৰ জীৱন ৰক্ষাৰ বাবে স্থানীয় প্ৰশাসনৰ সহযোগত আৰক্ষীয়ে অক্সিজেনৰ চিলিণ্ডাৰ যোগান ধৰাৰ পিছতে ৰোগীসকলৰ মৃত্যু হয়।

ইয়াৰে পিছতে মৃত ৰোগীসকলৰ আত্মীয় লোকে হাস্পতালখনত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰি লণ্ড ভণ্ড কৰিবলৈ আৰম্ভ কৰে আৰু নিশা ১১ মান বজাত আৰক্ষী উপস্থিতিত হৈ পৰিস্থিতি শান্ত কৰে।

ইফালে সহকাৰী আৰক্ষী আয়ুক্ত(সদৰ) অমন যাদৱে কয়ে যে হাস্পতালখনত অক্সিজেনৰ অভাৱ হোৱাৰ বাবে তেওঁলোকে তিনিটা অক্সিজেনৰ চিলিণ্ডাৰ যোগান ধৰিছিল আৰু ১৮ টা চিলিণ্ডাৰৰ ব্যৱস্থা কৰিছিল।

“আমি ৰেড ক্ৰছ আৰু পৌৰ আয়ুক্তৰ সহযোগত ৰোগী জীৱন ৰক্ষা কৰিবলৈ তিনিটা চিলিণ্ডাৰৰ ব্যৱস্থা কৰিছিলো।” সহকাৰী আৰক্ষী আয়ুক্ত যাদৱে কয়।

আৰক্ষী বিষয়াগৰাকীৰ মতে উক্ত আক্ৰমণৰ ঘটনাত হাস্পতালৰ চিকিৎসকসহ চিকিৎসা কৰ্মী আহত হৈছে যদিও ৰোগীৰ আত্মীয়সকলৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা হোৱা নাই।