মোৰ কথা নুশুনিলে মোক সন্মানো দিব নালাগে; নৰেন্দ্ৰ মোদীক ক’লে মণিপুৰী কিশোৰীয়ে

Licypriya-Kangujam-2

লিছপ্ৰিয়া কাংজুম আৰু নৰেন্দ্ৰ মোদী। ফটো সৌজন্য: টুইটাৰ

ভাৰতৰ “গ্ৰেটা থুনবাৰ্গ’ মণিপুৰৰ লিছিপ্ৰিয়া কাংজুমে উভতি ধৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক।

পৰিবেশ ৰক্ষাৰ আন্দোলন চলাই আছে এইগৰাকী কিশোৰীয়ে। তেওঁৰ এই অৱদানৰ স্বীকৃতি স্বৰূপে লিছিপ্ৰিয়াক এ পি জে আব্দুল কালাম শিশু পুৰষ্কাৰেৰে পুৰষ্কৃত কৰা হৈছে।

এইবাৰ, আন্তৰ্জাতিক নাৰী দিৱসৰ চৰকাৰী প্ৰচাৰ কাৰ্যসূচীত ‘She Inspires Us’ তো লিছিপ্ৰিয়া কাংজুমক অন্তৰ্ভুক্ত কৰা হৈছিল।

কিন্তু এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে ভাৰতৰ “গ্ৰেটা থুনবাৰ্গ’ লিছিপ্ৰিয়া কাংজুমে।

প্ৰধান মন্ত্ৰী মোদীক উদ্দেশ্যি লিছিপ্ৰিয়াই দিয়া বাৰ্তাত কয়, “পৰিৱেশক লৈ মোৰ কথা নুশুনিলে মোক এই সন্মান দিয়াৰ কোনো অৰ্থ নাই।‘

লিছিপ্ৰিয়াই “জলবায়ু পৰিৱৰ্তন’ আইন পাছ কৰাৰ দাবীত সৰৱ হৈ আহিছে। তেওঁৰ এই দাবী পূৰণ নোহোৱাৰ বাবে চৰকাৰী কাৰ্যসূচীত অংশ ল’বলৈ অস্বীকাৰ কৰে আঠ বছৰীয়া কিশোৰীগৰাকীয়ে।

যোৱা কেইবছৰ ধৰি পৰিৱেশ ৰক্ষাৰ হকে যুঁজ দি আহিছে মণিপুৰৰ এই কিশোৰী লিছিপ্ৰিয়া কাংজুমে।

তেওঁৰ কামৰ স্বীকৃতি হিচাপে ২০১৯বৰ্ষত এ পি জে আব্দুল কালাম শিশু পুৰষ্কাৰেৰে সন্মানিত কৰা হয়।

তদুপৰি, য়ুনাইটেড নেশ্যনছ ডেভেলপমেন্ট প্ৰগ্ৰেম,২০১৯’ৰ বিশেষ মুখ আছিল এই কিশোৰী। গ্ৰেটা থুনবাৰ্গৰ সৈতে সেই কাৰ্যসূচীত অংশ লৈছিল কাংজুমে।

যোৱা ৫ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে টুইটাৰত এটি প’ষ্ট দিয়ে। তাত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বিভিন্ন ক্ষেত্ৰত অৰিহনা যোগোৱা ১২ গৰাকী মহিলাক সন্মান জনোৱা হয়। উক্ত প্ৰচাৰ কাৰ্যসূচীৰ নাম দিয়া হৈছিল ‘She Inspires Us’।

কিন্তু ৬ মাৰ্চত নৰেন্দ্ৰ মোদীক ট্যাগ কৰি কাংজুমে লিখিলে,”প্ৰধান মন্ত্ৰী ডাঙৰীয়া মোক এই সন্মান দিয়াৰ বাবে ধন্যবাদ। কিন্তু বহু ভাৱনা-চিন্তাৰ পাছত এই সন্মান উভতাই দিয়াৰ সিদ্ধান্ত ল’লো। আপুনি যদি মোৰ কথা নুশুনে, তেনেহ’লে এই সন্মান দিয়াৰ কোনো অৰ্থ নাই।‘

পৰিৱেশ ৰক্ষাৰ বাবে বিশেষ আইন গৃহীত কৰাৰ দাবী জনাই আহিছে লিছিপ্ৰিয়া কাংজুমে। কিন্তু তেওঁৰ দাবী নমনাৰ বাবে এইদৰে প্ৰতিবাদ কৰি চৰকাৰী কাৰ্যসূচী প্ৰত্যাখ্যান কৰি দৃঢ় বাৰ্তা প্ৰেৰণ কৰিলে মণিপুৰী কিশোৰীগৰাকীয়ে।