• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুজৰাটৰ আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণত ১৮ জন নিহত; গুৰুতৰভাৱে আহত ৬ জন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 1, 2025 3:17 pm
325
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ আতচবাজী কাৰখানাত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ। এই ঘটনাত ১৮ জন লোকৰ মৃত্যু, ঘটিছে। বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে ২০০ মিটাৰ দূৰলৈকে সিঁচৰতি হৈ পৰে দেহৰ অংগ। এই অগ্নিকাণ্ডত ৬ জন লোক গুৰুতৰভাৱে আহত হয়।

সূত্ৰৰ পৰা জানিব পৰা মতে, এই বিস্ফোৰণত কিমানজন লোকৰ মৃত্যু হৈছে সেয়া এতিয়াও সঠিকভাৱে নিশ্চিত কৰিব পৰা নাই প্ৰশাসনে।

মঙলবাৰে পুৱা গুজৰাটৰ বানাস্কান্ত জিলাৰ দিশাত সংঘটিত হয় এই বিস্ফোৰণ। উদ্ধাৰ অভিযান আৰম্ভ হোৱা বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

সূত্ৰ অনুসৰি দিশাস্থিত আতচবাজী কাৰখানাটোৰ মালিক খুবচান্দ সিন্ধী। অভিযোগ অনুসৰি তেওঁ আতচবাজী তৈয়াৰ কৰিবলৈ বৃহৎ পৰিমাণৰ মছলা আৰু ৰাসায়নিক সামগ্ৰী মজুত কৰি ৰাখিছিল। জমা হৈ থকা মছলা আৰু ৰাসায়নিক পদাৰ্থবোৰত কেনেবাকৈ জুই লাগি ইটোৰ পিছত সিটোকৈ বিস্ফোৰণ ঘটে।

কাৰখানাটোত কিমান লোকে কাম কৰে আৰু বিস্ফোৰণৰ সময়ত কিমান শ্ৰমিকে কাম কৰি আছিল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

প্ৰশাসনৰ আন এক সূত্ৰৰ মতে, বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ইয়াৰ শব্দ বহু দূৰৰ পৰা শুনা গৈছিল। বিস্ফোৰণৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী আৰু দুৰ্যোগ সঁহাৰি দলৰ লোক উপস্থিত হয়। একাধিক এম্বুলেন্সো প্ৰেৰণ কৰা হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ উদ্ধাৰ হোৱা ছয়জন শ্ৰমিকৰ শৰীৰৰ ৪০ শতাংশতকৈও অধিক জ্বলি গৈছে।

দিশাৰ মহকুমাধিপতি নেহা পাঞ্চালে জনোৱা মতে, আহত শ্ৰমিকসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনী আৰু দুৰ্যোগ সঁহাৰি দলৰ লোকে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd