ডিস্কভাৰী প্লাছৰ নতুন ৰিয়েলিটি শ্ব’ “ৰিয়েলিটি ৰানিছ অৱ দ্য জংগল” : মনোৰঞ্জন জগতত অভিষেক সুন্দৰী আৰক্ষী বিষয়াৰ

মনোৰঞ্জন জগতত প্ৰৱেশ কৰিছে চিকিমৰ ৰুমবুকৰ এগৰাকী সুন্দৰী আৰক্ষী বিষয়াই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব’ত প্ৰৱেশ চিকিম আৰক্ষীৰ বিষয়া একশা কেৰুঙৰ।

২৩ ছেপ্টেম্বৰৰ নিশা ১০ বজাত ডিস্কভাৰী চেনেল আৰু ডিস্কভাৰী প্লাছত প্ৰিমিয়াৰ হোৱা ৱাৰ্নাৰ ব্ৰাদাৰ্ছ ডিস্কভাৰীৰ নতুন ৰিয়েলিটি শ্ব’ “ৰিয়েলিটি ৰানিছ অৱ দ্য জংগলত” অভিনয় কৰিছে সুন্দৰী বিষয়াগৰাকীয়ে।

জংঘলত মুখামুখি হোৱা কঠিন প্ৰত্যহ্বানৰ সমূহৰ লগত যুঁজ দি কি কৌশলেৰে জীৱন ৰক্ষা কৰিব পাৰি তাকে লৈ সম্প্ৰচাৰ কৰা হৈছে এই ৰিয়েলিটী শ্ব’টো।

একশা কেৱল এগৰাকী অভিনেত্ৰীয়েই নহয়, তেওঁৰ বহু প্ৰতিভা আছে। আৰক্ষী বিষয়া হোৱাৰ লগতে ২০২১ চনৰ এমটিভিছুপাৰমডেল আছিল তেওঁ। বাইক ৰাইডিঙৰ দ্বাৰা নিজৰ জনপ্ৰিয়তা আৰু অভিজ্ঞতা গোটাবলৈ সক্ষম হৈছে যুৱতীগৰাকীয়ে। দুবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছে তেওঁ। ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন বক্সিং প্ৰতিযোগিতাতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে একশাই।

ৰিয়েলিটি ৰানিছ অৱ দ্য জংগল”ত একশাই আন শক্তিশালী মহিলাৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁলোকৰ জীয়াই থকাৰ দক্ষতা, বুদ্ধিমত্তা, আৰু অধ্যৱসায় পৰীক্ষা কৰিছে। এই শ্ব’টোৰ দ্বাৰা মহিলাসকলৰ শক্তি, স্থিতিস্থাপকতা, আৰু দৃঢ়তা প্ৰদৰ্শন কৰা হৈছে।

একশাৰ এই সফলতাই এতিয়া বহু নাৰী-যুৱতীক অনুপ্ৰাণিত কৰিছে। মহিলাসকলৰ শক্তিশালী কৰাত এই শ্ব’টোৱে বিশেষ ভূমিকা পালন কৰিছে।