NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত ৰিগিঙৰ অভিযোগ পৰ্য্যবেক্ষণৰ বাবে বিশেষ নিৰীক্ষক নিয়োগ নিৰ্বাচন আয়োগৰ

April 22, 2019 10:30 pm · ৰূপা সৰকাৰ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

ত্ৰিপুৰাত প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত ৰিগিং হোৱা বুলি উত্থাপিত অভিযোগৰ প্ৰসংগত নিৰ্বাচন আয়োগে সোমবাৰে বিষয়টো পৰ্য্যালোচনা কৰাৰ বাবে বিশেষ নিৰীক্ষক নিয়োগ কৰিছে।

সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত বৰ্ণনা কৰি চি পি এমৰ পুলিট ব্যুৰো সদস্য নিলোৎপল বসুৱে কয় যে  নিৰ্বাচনী আয়োগে নিয়োগ কৰা বিশেষ নিৰীক্ষকে সমগ্ৰ বিষয়টো পৰ্য্যালোচনা কৰিব।

১১ এপ্ৰিলত ত্ৰিপুৰাত অনুষ্ঠিত হোৱা প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণত ৰিগিঙৰ অভিযোগ তুলি চি পি এমে ৪৬৪ টা  কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ দাবী তুলিছিল।

নতুন দিল্লীত নিৰ্বাচন আয়োগৰ লগত অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত চি পি এমৰ নেতা বসুৱে কয় যে আমি নাগৰিক সকলে মুক্ত মনেৰে ভোট দিব পৰা এটা পৰিবেশ বিচাৰো য’ত প্ৰত্যেকে পচন্দ অনুসৰি ভোটদান কৰিব পাৰে।

আনহাতে, বসুৱে বৈঠকৰ সময়ত ৰাজ্যিক নিৰ্বাচনী আয়োগে শাসনাধিষ্ঠ দলৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ তুলি দাখিল কৰা এজাহাৰৰ প্ৰতিলিপিও দাখিল কৰে।

উল্লেখযোগ্য যে, ত্ৰিপুৰাৰ চৰকাৰৰ একানায়কত্ববাদ আৰু দাদাগীৰিৰ বাবেই স্বয়ং ৰাজ্যিক নিৰ্বাচনী আয়োগে ত্ৰিপুৰাৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ তাৰিখ ১৮ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈ পিছুৱাবলৈ বাধ্য হৈছে বুলি বসুৱে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

Related News