ডি এন টি আৰু ডি পি টি দলক প্ৰাৰ্থী মনোনীত কৰিবলৈ নিৰ্দেশ ভূটানৰ নিৰ্বাচন আয়োগৰ

election-commission-of-bhutan-570x320

ভূটানৰ নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ ফাইল ফটো। উৎস : ফেচবুক

ভূটানৰ নিৰ্বাচন আয়োগে সোমবাৰৰ পৰা আৰম্ভ হোৱা সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ড্ৰাক ন্যামৰূপ ছগ’পা (ডি এন টি) আৰু ড্ৰাক ফুৱেনছাম ছ’গপো (ডি পি টি) দলক তেওঁলোকৰ প্ৰাৰ্থী মনোনীত কৰিবলৈ আমন্ত্ৰণ জনাইছে।

দেওবাৰে প্ৰাথমিক পৰ্যায়ৰ ফলাফল ঘোষণা কৰাৰ সময়ত মুখ্য নিৰ্বাচনী আয়ুক্ত চ’গ্যাল ডাগো ৰিগজিনে কয় যে দুটা প্ৰধান ৰাজনৈতিক দল হিচাপে ডি এন টি আৰু ডি পি টিয়ে ক্ৰমে প্ৰথম আৰু দ্বিতীয় সৰ্বোচ্চ ভোট লাভ কৰিছে। তেওঁলোকে এতিয়া ৪৭ টা সমষ্টিৰ বাবে সংশ্লিষ্ট নিৰ্বাচনী বিষয়াৰ ওচৰত প্ৰাৰ্থী মনোনীত কৰিব লাগিব।

অহা ২১ ছেপ্টেম্বৰ হৈছে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। যোৱা ২০ আগষ্টত নিৰ্বাচন আয়োগে এখন জাননী জাৰি কৰিছিল যে ২২ ছেপ্টেম্বৰৰ ভিতৰত প্ৰাৰ্থীসকলৰ মনোনয়নসমূহ পৰীক্ষা কৰা আৰম্ভ কৰা হ’ব।

ইয়াত লগতে কোৱা হৈছে যে সাধাৰণ পৰ্যায়ৰ বাবে প্ৰচাৰাভিযান অহা ২২ ছেপ্টেম্বৰত নিৰ্বাচনী বিষয়াই প্ৰাৰ্থিত্ব গ্ৰাহ্য কৰাৰ পিছৰ পৰাই আৰম্ভ হ’ব।

আনহাতে, প্ৰাৰ্থীসকলৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ, ৰেজিষ্টাৰ প’ষ্টেল ভোটাৰসকলৰ সম্পৰ্কত বিতং সাল-সলনিৰ বাবে আবেদন গ্ৰহণৰ অন্তিম তাৰিখ হ’ব ২৪ ছেপ্টেম্বৰ।

প’ষ্টেল বেলটৰ সুবিধাসমূহ বা ম’বাইল বুথসমূহ ১০-১২ অক্টোবৰৰ পৰা আৰম্ভ কৰা হ’ব।

নিৰ্বাচন আয়োগে লগতে  ডি এন টি আৰু ডি পি টি দলক পৰ্যবেক্ষকে পৰীক্ষা কৰা নিৰ্বাচনী ব্যয়সমূহ সাপ্তাহিকভাৱে অৱগত কৰিবলৈ তথা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

ইয়াৰ মাজতে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হৈছে যে সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰচাৰাভিযানৰ খৰচ সাপ্তাহিক প্ৰতিবেদনৰ প্ৰয়োজনীয় চৰ্ত পূৰণৰ পিছতহে নিয়ম অনুসৰি মুকলি কৰি দিয়া হ’ব।