NORTHEAST NOW (Assamese)

কাইলৈ ঘোষণা কৰা হ’ব লোকসভা নিৰ্বাচনৰ দিন

March 15, 2024 12:57 pm · এন ই নাও নিউজ, গুৱাহাটী

শনিবাৰে বিয়লি ৩ বজাত ঘোষণা কৰা হ’ব আগন্তুক লোকসভা নিৰ্বাচনৰ তাৰিখ। এক বিবৃতি যোগে এই কথা সদৰী কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে।

বিবৃতিটোত আয়োগে লগতে প্ৰায় একে সময়তে অনুষ্ঠিত হ’বলগীয়া চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হ’ব বুলিও উল্লেখ কৰিছে।

সেই অনুসৰি অৰুণাচল প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা আৰু ছিকিম- এই চাৰি ৰাজ্যত এপ্ৰিল/মে’ মাহত নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে।

আনহাতে মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু ঝাৰখণ্ডত চলিত বৰ্ষৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ’ব।

Related News