দাতা নম্বৰসহ ইলেক্টৰেল বণ্ডৰ তথ্য ৰাজহুৱা কৰিলে নিৰ্বাচন আয়োগে

Electoral Bonds Supreme Court SBI

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ভাৰতীয় ষ্টেট বেংকে দাখিল কৰা ‘অসাংবিধানি’ ইলেক্টৰেল বণ্ডৰ সম্পূৰ্ণ  তথ্য আজি প্ৰকাশ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে।

শীৰ্ষ আদালতৰ নিৰ্দেশনা অনুসৰিয়েৰাজনৈতিক দলসমূহলৈ দাতাসকলে আগবঢ়োৱা অৱদানৰ নম্বৰসহ সম্পূৰ্ণ  তথ্য আয়োগে নিজা ৱেবচাইটত ৰাজহুৱা কৰিছে।

ইতিপূৰ্বে ষ্টেট বেংকে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা ইলেক্টৰেল বণ্ডৰ দুখন তালিকা আয়োগে যোৱা ১৪ মাৰ্চত নিজৰ ৱেবছাইটত প্ৰকাশ কৰিছিল।

কিন্তু ইয়াৰ পিছতে যোৱা ১৮ মাৰ্চত আজি শীৰ্ষ আদালতে ইলেক্টৰেল বণ্ডৰ শুনানিৰ সময়ত ষ্টেট বেংকক ইলেক্টৰেল বণ্ডৰ সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰাৰ লগতে তথ্য ৰাজহুৱাৰ ক্ষেত্ৰত পক্ষপাতিত্ব কৰিব নোৱাৰিব বুলি সকীয়নি দিছিল।

উচ্চতম ন্যায়ালয়ে শুনানিত লগতে উল্লেখ কৰিছিল যে এছ বি আইক সকলো সবিশেষ প্ৰকাশ কৰিবলৈ কোৱা হৈছিল আৰু ইয়াৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ নম্বৰো অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হৈছিল।

ষ্টেট বেংকৰ ওচৰত যি তথ্য উপলব্ধ আছে, সেয়া সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ে কঠোৰ সুৰত নিৰ্দেশনা দিছিল।

উল্লেখ্য যে সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতিৰ বাবে এছবিআইয়ে নিৰ্বাচনী বণ্ডৰ তথ্য নিৰ্বাচন অয়োগৰ জমা দিবলৈ বাধ্য হৈছিল।

কিন্তু সেই তথ্যত বণ্ডৰ ইউনিকড নম্বৰ আৰু কোনটো ৰাজনৈতিক দলক কোন দাতাই কিমান বণ্ড ক্ৰয় কৰি কিমান ধন চান্দাৰূপে দিছে সেয়া কৌশলেৰে এছবিআইয়ে দাখিল কৰা নাছিল।

যাৰ ফলত ন্যায়ালয়ে এছবিআইক পুনৰ ইউনিকড নম্বৰসমূহ নিৰ্বাচন আয়োগক জমা দিবলৈ কাঢ়া নিৰ্দেশ দিয়ে। ন্যায়ালয়ে ২১ মাৰ্চৰ সন্ধিয়া ৫ বজাৰ ভিতৰত এছ বি আইক সকলো তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল ষ্টেট বেংকক।