তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগৰ এটি পূৰ্ণাংগ দল।

সোমবাৰে বিয়লি আহি পাবলগীয়া নিৰ্বাচন আয়োগৰ দলটোত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰা, নিৰ্বাচন আয়ুক্তদ্বয় ক্ৰমে সুশীল চন্দ্ৰা আৰু ৰাজীব কুমাৰো আহিব।

নিৰ্বাচন আয়োগৰ দলটোৱে অসমৰ আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰিব।

আয়োগৰ দলটোৱে ১৯ আৰু ২০ জানুৱাৰিত পৰ্যালোচনা বৈঠকত ৰাজ্যখনৰ সকলো ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰিব।

দলটোৱে ৰাজ্যৰ পৰিস্থিতিৰ সন্দৰ্ভত হোটেল ৰেডিশ্যন ব্লুত ৰাজ্যিক নিৰ্বাচনী বিষয়া, আৰক্ষী সঞ্চালক প্ৰধান, গৃহ সচিব, মুখ্য সচিবৰ লগতে ৰাজ্যখনৰ জ্যেষ্ঠ আমোলা-বিষয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হব।

তদুপৰি, আয়োগৰ দলটোৱে ৰাজ্যখনৰ সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতেও আলোচনাত বহিব।

নিৰ্বাচন আয়োগৰ দলটোৱে আগন্তুক বিধানসভা নিৰ্বাচনৰ সকলো প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ পাছত হোটেল ৰেডিশ্যন ব্লুত এখন সংবাদমেল সম্বোধন কৰিব।

নিৰ্বাচন আয়োগৰ দলটোৰ সৈতে আহিবলগীয়া আন সদস্যসকলৰ ভিতৰত আছে ভাৰত নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান ধৰ্মেন্দ্ৰ শৰ্মা, উপ নিৰ্বাচনী আয়ুক্ত চন্দ্ৰ ভূষণ কুমাৰ, পিআইবিৰ অতিৰিক্ত সঞ্চালক প্ৰধান তথা মুখপাত্ৰ শেফালী বি শাৰণৰ লগতে নিৰ্বাচন আয়োগৰ আন জ্যেষ্ঠ বিষয়াসকল।

নিৰ্বাচন আয়োগৰ দলটোৱে ২০ জানুৱাৰিত ভ্ৰমণ সামৰি উভতি যাব।