NORTHEAST NOW (Assamese)

৩০ জানুৱাৰিৰ ভিতৰত স্বায়ত্ত শাসিত পৰিষদ-সমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰিব চৰকাৰে

December 18, 2018 11:54 am · এন ই নাও নিউজ
উত্তৰ কাছাৰ পৰ্বত্য জিলা পৰিষদৰ কাৰ্যালয়। ফাইল ফটো

ৰাজ্য চৰকাৰখনে চৰকাৰখনৰ কাম-কাজত জনসাধাৰণ সন্তুষ্ট নোহোৱাৰ উমান পাই বিগত দীৰ্ঘদিন ধৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰা বিৰত আছিল। কিন্তু অৱশেষত আদালতৰ নিৰ্দেশত বাধ্য হৈ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে।

ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰু ক্ষমতাত থকাৰ সুযোগৰ সদ্ব্যৱহাৰ কৰি পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠ পদ দখল কৰাৰ পাছত এইবাৰ স্বায়ত্ত শাসিত পৰিষদসমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে মন মেলিছে।

ৰাজ্য চৰকাৰে এইবাৰ উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদ, মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে।জানিব পৰা মতে, অহা ৩০ জানুৱাৰিৰ ভিতৰত এই স্বায়ত্ত শাসিত পৰিষদকেইখনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে।

এক সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাজ্য চৰকাৰে এই সময়ছোৱাৰ ভিতৰত উক্ত স্বায়ত্ত শাসিত পৰিষদকেইখনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক সেউজ সংকেত দিয়াৰ সম্ভাৱনা আছে।

ইপিনে, উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ কাৰ্যকাল ইতিমধ্যে অন্ত পৰিছিল যদিও ছমাহ কাৰ্যকাল বৃদ্ধি কৰা হৈছে। অহা ৩১ ডিচেম্বৰত এই বৰ্ধিত কাৰ্যকালৰো অন্ত পৰিব।

Related News