নিৰ্বাচনৰ বাবে বোকাখাত মহকুমা প্রশাসনৰ প্রস্তুতি : প্রিজাইডিং আৰু পুলিং বিষয়াৰ প্রথম পর্যায়ৰ প্রশিক্ষণ সম্পন্ন

Electronic Voting Ma

প্ৰতিনিধিত্বমূলক ছবি

আগন্তুক বিধানসভা নিৰ্বাচনৰ সু-পৰিচালনাৰ বাবে বোকাখাত বিধানসভা সমষ্টিত বিভিন্ন কোষ গঠন কৰি প্ৰতিটো কোষৰ বিষয়া-কৰ্মচাৰীকে নিষ্ঠা সহকাৰে নিজ নিজ দায়িত্ব পালন কৰিবলৈ নিদের্শ দিছে মহকুমা প্ৰশাসনে৷

নির্বাচনৰ প্রতি লক্ষ্য ৰাখি প্রথম পর্যায়ৰ প্রিজাইডিং বিষয়া আৰু প্রথম পুলিং বিষয়াসকলৰ প্রশিক্ষণ বুধবাৰে বোকাখাত চন্দ্রনাথ বেজবৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত হয়।

সম্পূর্ণ কোভিড নীতি-নির্দেশনাৰ মাজেৰে দুটা পৰ্যায়ত আয়োজিত এই প্রশিক্ষণত কেইবাগৰাকীও এএলএমটি বিষয়াই প্রিজাইডিং আৰু প্ৰথম পুলিং বিষয়ক প্রথম পর্যায়ৰ প্রশিক্ষণ প্রদান কৰে।

প্রশিক্ষণকালত নির্বাচনী বিষয়া নিতিশা বৰাই উপস্থিত সকলো প্রিজাইডিং আৰু প্রথম পুলিং বিষয়াক ইভিএম আৰু ভিভিপেট সম্পর্কত আলোকপাত কৰাৰ লগতে নির্বাচনী আয়োগে প্রণয়ন কৰা কোভিড-১৯ৰ নীতি নির্দেশনাসমূহৰ বিষয়েও উল্লেখ কৰে।

উল্লেখাযোগ্য যে, ৯৩ নং বোকাখাত বিধানসভা সমষ্টিত মুঠ ১৮৫ টা ভোটগ্রহণ কেন্দ্ৰত নিবার্চন অনুষ্ঠিত হ’ব। ইয়াৰে ৮ টা ভোটগ্রহণ কেন্দ্র নগৰাঞ্চলত আৰু ১৭৭ টা গ্রামাঞ্চলত অৱস্থিত।

৩১ টা সহায়ক ভোটগ্রহণ কেন্দ্রও স্থাপন কৰা হৈছে। সমষ্টিটোত ১০ টা ভোটদান কেন্দ্রক জটিল ভোটগ্রহণ কেন্দ্র বুলি চিনাক্ত কৰিছে প্ৰশাসনে। বোকাখাত বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৪৪,৩৬৩ গৰাকী ইয়াৰে পূৰুষ ভোটাৰৰ সংখ্যা হৈছে ৭২,৪২০ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৭১,৯৪৩ গৰাকী। ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা হৈছে ১৮৯৭। ৮০ বছৰ উৰ্ধৰ ভোটাৰৰ সংখ্যা হৈছে ১৩৫৬। বিশেষভাবে সক্ষম ভোটাৰৰ সংখ্যা হৈছে মুঠ ৯৪২ গৰাকী ইয়াৰে পুৰুষ ভাটাৰৰ সংখ্যা হৈছে 8৫৬ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৪৮৬।

বোকাখাত বিধানসভা সমষ্টিত মুঠ ডি ভোটাৰৰ সংখ্যা হৈছে ২১২ জন। আনহাতে মুঠ চাৰ্ভিচ ভাোটাৰ আছে ৩৫৩ জন।

আগন্তুক বিধানসভা নির্বাচনৰ বাবে ৯৩ নং বোকাখাত বিধানসভা সমষ্টিটো ৬ টা জ’ন আৰু ১৭ টা চেক্টৰত বিভক্ত কৰি জ’নেল আৰু চেক্টৰ বিষয়াসকলক নিযুক্তি দিয়া হৈছে বুলি প্ৰশাসনে জনাইছে।

ইফালে বোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ২৫৯ গৰাকী প্রিজাইডিং বিষয়া আৰু ৭৭৭ গৰাকী পুলিং বিষয়া নিযুক্তি দিছে মহকুমা প্ৰশাসনে৷