গুৱাহাটীৰ ৰাজপথতো অচিৰেই আৰম্ভ হ’ব প্ৰদূষণ বিহীন ইলেক্ট্ৰিক বাছ সেৱা

Higer-Bus-630x332

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

গুৱাহাটী মহানগৰীত ক্ৰমবৰ্ধমান প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমে গুৱাহাটী মহানগৰীত ইলেক্ট্ৰিক বাছ সেৱা মুকলি কৰাৰ এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে। আগন্তুক মে’ মাহৰ পৰা মহানগৰীৰ ৰাজপথত নতুন ইলেক্ট্ৰিক বাছৰ সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

এই সম্পৰ্কত সংবাদ মাধ্যমৰ আগত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য নিৰ্দেশক ওম প্ৰকাশ তিৱাৰীয়ে পৰিবহণ বিভাগে পৰীক্ষামূলকভাবে ইলেক্ট্ৰিক বাছ সেৱা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয়। প্ৰথম পৰ্য্যায়ত মুঠ ২৫ খন ইলেক্ট্ৰিক বাছৰ সেৱা মুকলি কৰিব পৰিবহণ বিভাগে। তিৱাৰীয়ে কামাখ্যাৰ পৰা খানপাৰালৈ নতুন বাছকেইখনৰ সেৱাসমূহ আৰম্ভ হ’ব বুলি উল্লেখ কৰি কয় যে যদিহে ইয়াৰ পাছতো বাছ থাকি যায় তেনেহ’লে সেইকেইখন জি এচ ৰ’ডত দিয়া হ’ব।

আনহাতে, প্ৰথম পৰ্য্যায়ত পৰিবহণ বিভাগৰ এই প্ৰচেষ্ঠা সফল হ’লে পৰৱৰ্তী সময়ত আৰু অধিক বাছ অনা হ’ব বুলি সংবাদ মাধ্যমৰ আগত কয় ওম প্ৰকাশ তিৱাৰীয়ে।

ইলেক্ট্ৰিক বাছৰ সেৱা আৰম্ভ হ’লে মুম্বাই, লক্ষ্ণৌ, জয়পুৰ আদি মহানগৰীৰ দৰে গুৱাহাটী মহানগৰী প্ৰদূষণ বিহীন ইলেক্ট্ৰিক বাছ সেৱাৰ আওতালৈ আহিব। ইতিমধ্যে পৰিবহণ বিভাগে ক্ৰয় কৰিব বিচৰা ২৫ খন বাছৰ নিৰ্মান সম্পুৰ্ণ হৈছে।

উল্লেখযোগ্য যে, প্ৰদুষণ বিহীন ইলেক্ট্ৰিক বাছসমূহত ৩১ জন যাত্ৰী বহিব পৰাৰ সুবিধা থকাৰ লগতে এবাৰ চাৰ্জ দিলে গাড়ীখনে প্ৰায় ২৫০ ৰ পৰা ৩০০ কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিব পাৰে।