ৰাজ্যৰ সকলো জিলা সদৰতে স্থাপন হ’ব বৈদ্যুতিক-এল পি জি শ্মশান

ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

Electric crematoriums

প্ৰতিনিধিত্বমূলক ছবি

অসমত বৈদ্যুতিক তথা এল পি জি শ্মশান স্থাপনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে প্ৰশাসনক সকলো জিলা সদৰতে বৈদ্যুতিক-এল পি জি শ্মশান স্থাপনৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাবলৈ নিৰ্দেশ দিছে।

বিজন চক্ৰৱৰ্তী নামৰ এগৰাকী ব্যক্তিয়ে উচ্চ ন্যায়ালয়ত ব্যক্তিগতভাৱে এই আবেদন দাখিল কৰিছিল। এই আবেদন যোগে আবেদনকাৰী বিজন চক্ৰৱৰ্তীয়ে আদালতত ৰাজ্যত বৈদ্যুতিক-এল পি জি শ্মশান স্থাপন কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ বাবে তথা এনে শ্মশানসমূহ কাৰ্যক্ষম কৰি তোলাৰ পদক্ষেপ আৰম্ভ কৰিবলৈ নিৰ্দেশনাৰ বাবে আহ্বান জনাইছিল।

আবেদনখনৰ জৰিয়তে চক্ৰৱৰ্তীয়ে লগতে বৈদ্যুতিক-এল পি জি শ্মশানসমূহৰ পৰিৱেশ-অনুকূল সুবিধাসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ বাবে পদক্ষেপ আৰম্ভ কৰিবলৈ আৰু অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এনে ব্যৱস্থা ব্যৱহাৰৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈও আহ্বান জনায়।

ইয়াৰ উপৰিও আবেদনখনত ‘গ্ৰীণ ক্ৰেমেচন পাইৰছ’ৰ উপলব্ধতা আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে বিভিন্ন মাধ্যম যেনে টিভি, ৰেডিঅ’, বাতৰি কাকত আদিত তথ্য প্ৰচাৰ কৰি এই ক্ষেত্ৰত মানুহক প্ৰেৰণা যোগাবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিব লাগে বুলি আদালতক আহ্বান জনোৱা হৈছিল।

আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে কয়, “ব্যক্তিগতভাৱে আবেদনকাৰী বিজন চক্ৰৱৰ্তীয়ে এই আদালতক বাস্তৱিক পৰিৱেশৰ মাজেৰে লৈ গৈছে আৰু পৰম্পৰাগত পদ্ধতিৰে শ্মশানৰ বিপৰীতে বৈদ্যুতিক/এল পি জি শ্মশানৰ সুবিধাসমূহৰ ৰূপৰেখা দাঙি ধৰিছে।”

আবেদনকাৰী চক্ৰৱৰ্তীয়ে ১২.১১.২০২২ তাৰিখে প্ৰকাশিত বাতৰি কাকতৰ প্ৰতিবেদনৰ উদ্ধৃতি দি গোৱালপাৰাত বৈদ্যুতিক শ্মশান উপলব্ধ নোহোৱাৰ কথা প্ৰকাশ কৰে।

তালিকাভুক্ত আদেশৰ প্ৰতিলিপিত লগতে কোৱা হৈছে, “আবেদনকাৰীয়ে আবেদনখনত কৰা অভিযোগৰ ওপৰত নিৰ্ভৰ কৰি দৃঢ়তাৰে কয় যে ভাৰতৰ অন্যান্য ৰাজ্যত পোৱাৰ দৰে অসমতো পৰিৱেশ সুৰক্ষা আৰু বনাঞ্চল তথা বন্যপ্ৰাণী সুৰক্ষিত কৰাৰ কৰ্তব্য আছে। পৰম্পৰাগত পদ্ধতিৰে মৃতদেহ দাহ কৰাৰ বাবে শেষত গছ-গছনি ধ্বংস হয় বুলি আবেদনকাৰী বিজন চক্ৰৱৰ্তীয়ে উল্লেখ কৰিছে।”

ৰাজ্যৰ মহাধিবক্তা দেৱজিত শইকীয়াই এই সন্দৰ্ভত কয় যে আবেদনকাৰীয়ে উত্থাপন কৰা অভিযোগ কৰ্তৃপক্ষই বিবেচনা কৰিছে। মহাধিবক্তাই লগতে ৰাজ্যিক পৌৰ প্ৰশাসনৰ সঞ্চালকে ৰাজ্যৰ প্ৰতিখন জিলা সদৰত পৰ্যায়ক্ৰমে বৈদ্যুতিক-এল পি জি শ্মশান স্থাপনৰ বাবে প্ৰচেষ্টা চলাব বুলি উল্লেখ কৰে।

ইয়াৰ উপৰিও মহাধিবক্তা দেৱজিত শইকীয়াই কিছু ঠাইত বৈদ্যুতিক শ্মশানৰ সুবিধা উপলব্ধ হ’লেও সামগ্ৰিক জনসাধাৰণে কেতিয়াবা নিজা বিশ্বাস অনুসৰি তথা আবেগিক কাৰণত পৰম্পৰাগত পদ্ধতিৰে অন্ত্যেষ্টিক্ৰিয়া কৰা পছন্দ কৰে বুলি আদালতত উল্লেখ কৰে।

দুয়োপক্ষৰ অধিবক্তাৰ যুক্তিৰ পাছত আদালতে আদেশত কয়, “আজিৰ পৰিস্থিতিত প্ৰধানকৈ পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে আৰু পৰম্পৰাগত পদ্ধতিৰ দাহনৰ পৰিৱৰ্তে বৈদ্যুতিক-এল পি জি শ্মশানে পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যত সহায় কৰিব। লগতে ই পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ সংবিধানে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ৰাজ্য কৰ্তৃপক্ষৰ প্ৰচেষ্টাত অৰিহণা যোগাব।”

“উত্তৰদাতা প্ৰশাসনিক কৰ্তৃপক্ষই পৰ্যায়ক্ৰমে কিন্তু যিমান পাৰি ক্ষিপ্ৰতাৰে ৰাজ্যৰ সকলো জিলা সদৰত বৈদ্যুতিক তথা এল পি জি শ্মশান স্থাপনৰ বাবে সকলো প্ৰচেষ্টা চলাব।”— আদালতে আদেশত লগতে কয়।