পুনৰ বাঢ়িল বিদ্যুতৰ মাচুল : দৰিদ্ৰৰ ওপৰৰ ইটোৰ পিছত সিটোকৈ মাধমাৰ

ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ সমালোচনা আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ

“গুৱাহাটী মহানগৰবাসী কৃত্ৰিম বানৰ বিভীষিকাত ককবকাই থকাৰ মাজতে আজি হঠাতে পুনৰ বিদ্যুতৰ নিৰিখ বৃদ্ধি কৰিলে চৰকাৰে। ” আজি আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে চৰকাৰৰ জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয়, ” ৰাইজে প্ৰতি ইউনিট বিদ্যুতৰ বাবদ বিদ্যুত বিল দিব লাগিছিল ৭.৪৫ টকা । অথচ চলিত মাহৰ পৰা অৰ্থাৎ আগষ্ট মাহৰ পৰা এই বিল ৩০০ ইউনিট ব লৈ ৭.৭৫ টকাকৈ আদায় দিব লাগিব। আনহাতে, ৩০০ ৰ পৰা ৫০০ ইউনিট লৈ ৭.৯৫ টকা আৰু ৫০০ ইউনিট ওপৰত ৮.৭৪ টকাকৈ বিল আদায় দিব লাগিব।”

আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে চৰকাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায়।  বিগত সময়ত আপে ৰাজ্য চৰকাৰক  দিল্লী আৰু পাঞ্জাবৰ দৰে বিনামূলীয়া বিদ্যুত যোগানৰ দাবী জনাইছিল।

বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত বিনামূলীয়া বিদ্যুত যোগানৰ প্ৰতিশ্ৰুতিও দিছিল। অথচ সেই প্ৰতিশ্ৰুতি পালন নকৰি জনসাধাৰণৰ ওপৰত অধিক বোজা জাপি দিছে।  

ৰাইজে বানত কক বকাই  থকাৰ  সময়ত বিদ্যুতৰ বিল বঢ়াই পুনৰ জনতাৰ মূৰত মাধমাৰ সোধালে চৰকাৰে ।  আজি আপৰ নেতাগৰাকীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।