মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কৈছে আম্বানীৰ ব্যক্তিগত ছিৰিয়াখানালৈ লৈ যোৱা হাতীবোৰ অসমৰ নহয়। অসমৰ সংবাদ মাধ্যমে ভুৱা খবৰ প্ৰচাৰ কৰিছে। সামাজিক মাধ্যমত হোৱা চৰ্চাবোৰ সত্য নহয়। আমি সকলোৱে দেখিছোঁ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰে বিশাল বিশাল এনিমেল এম্বুলেঞ্চেত ২৮ টাকৈ হাতী লৈ যোৱা হৈছে। হাতীবাহী বাহনবোৰ গুৱাহাটীৰ বুকুৰে পাৰ হৈ সম্ভৱতঃ পশ্চিমবংগত প্ৰৱেশ কৰিছে। অসমৰ বুকুৰে সেই এম্বুলেন্সবোৰ পাৰ হৈ যোৱাৰ লগে লগে সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমতো বিষয়টোলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আম্বানী ব্যক্তিগত ছিৰিয়াখান বনতাৰালৈ নিয়া এই হাতীবোৰ অসমৰ বুলিও কোনো কোনোৱে কৈছে। তাৰ মাজতে ওপৰত কোৱাৰ দৰে মুখ্যমন্ত্ৰীয়ে হাতীবোৰ অসমৰ নহয় বুলি স্পষ্টীকৰণ দিছে। মুখ্যমন্ত্ৰীয়ে দিয়া স্পষ্টীকৰণ কিমান সত্য? সংবাদ মাধ্যমে প্ৰচাৰ কৰা কথাবোৰ অসত্য নেকি? প্ৰকৃত কথাটোনো কি?
অৱশ্যে ইয়াৰ আগতে এই হাতীবোৰ ক’ৰ পৰা নিয়া হৈছে সেই বিষয়ে অলপ জানি লোৱা উচিত হ’ব। উজনি অসমৰ এগৰাকী প্ৰকৃতিবিদ তথা আমাৰ উৎসই কোৱা মতে, এই হাতীবোৰ অৰুণাচল প্ৰদেশৰ লাথাও পৰা নিয়া হৈছে। এই লাথাও হৈছে অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ এখন ঠাই। ঠাইখন ঘন অৰণ্যৰে ভৰি আছে। অসমৰ তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৰ ডিৰাকৰ পৰা লাথাওলৈ প্ৰায় ২২ কিলোমিটাৰ দূৰত্ব। ডিৰাকৰ পৰা মহাদেৱপুৰ, নামচাই পাৰ হৈয়ে লাথাও পোৱা যায়। অসমৰ তুলনাত লাথাওত জনবসতি তেনেই সেৰেঙা। আমি জানো যে ২০১১ৰ লোকপিয়লৰ তথ্যৰ মতে লাথাওৰ জনসংখ্যা মাত্ৰ ২,৭৫৬ জন। লাথাও অঞ্চলটো ঘন অৰণ্যৰে পৰিপূৰ্ণ।
এই লাথাওৰ পৰাই হাতীবোৰ গুজৰাটৰ জামনগৰৰ আম্বানী পৰিয়ালৰ ব্যক্তিগত ছিৰিয়াখানা বনতৰালৈ নিয়া হৈছে। লাথাওৰ সৈতে উজনি অসমৰ তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৰ অঞ্চলসমূহৰ বিশেষ সম্পৰ্ক আছে। নব্বৈ দশকৰ মাজভাগলৈকে অৰুণাচল প্ৰদেশত কাঠৰ মিলবোৰ সক্ৰিয় হৈ আছিল। অৰুণাচলৰ ঘন ঘন অৰণ্যৰ প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰ কাটি কাঠৰ মিলত ফলা হৈছিল। এই প্ৰকাণ্ড কটা গছৰ কুণ্ডাবোৰ ঘন হাবিৰ পৰা ওলিয়াই আনিবলৈ প্ৰয়োজন হৈছিল যথেষ্টসংখ্যক হাতীৰ। আৰু হাতীবোৰ নিয়া হৈছিল অৰুণাচল সীমান্তৰ অসমৰ তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ পৰা। অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলাৰ মৰাণ জনগোষ্ঠীৰ বহু সম্ভ্ৰান্ত পৰিয়ালেই এসময়ত হাতী পুহিছিল। মৰাণ জনগোষ্ঠীয়ে পৰম্পৰাত হাতীক জাতীয় জন্তুৰূপেও গণ্য কৰা হয়। অৰুণাচল সীমান্তৱৰ্তী কাকপথাৰ, টঙনা, ডিৰাক, তালপথাৰ, পেঙেৰী, চিকৰাজান আদিৰ মৰাণ জনগোষ্ঠীৰ সম্ভ্ৰান্ত লোকৰ হাতীবোৰ অৰুণাচল লাথাও হাবি কুণ্ডা টানিবলৈ নিয়া হৈছিল। হাতীবোৰ হাতীৰ গৰাকীৰ বাবে মূল উপাৰ্জনৰ পথ হৈ পৰে।
নব্বৈ দশকৰ মাজভাগত অৰুণাচল প্ৰদেশ চৰকাৰে কাঠফলা মিলবোৰ বন্ধ কৰি দিয়ে। মিলবোৰ বন্ধ কৰি দিয়াৰ পাছতে অসমৰ অৰুণাচল সীমান্তৰ হাতীৰ গৰাকীসকলৰ হাতীবোৰৰ উপাৰ্জনৰ পথ একপ্ৰকাৰে বন্ধহৈ পৰে। ইফালে অৰুণাচল সীমান্তৰ অসমত পোহ পাল দিবলৈ পৰ্যাপ্ত অৰণ্যৰ অভাৱ। তাৰ পাছত তেওঁলোকে হাতীবোৰ পোহ পালৰ বাবে ঘন অৰণ্যৰে পৰিৱেষ্টিত লাথাওৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰে। অসমৰ প্ৰায়সকল হাতীৰ গৰাকীয়ে মাউতৰ সৈতে হাতীবোৰ লাথাওলৈ প্ৰেৰণ কৰে। লাথাওত হাতীবোৰৰ দ্বাৰা উপাৰ্জনৰ পথ প্ৰায় বন্ধ হৈ পৰাৰ সময়তে উজনিত হাতীৰ সৰবৰাহ কৰা দালালৰ প্ৰৱেশ ঘটে। দালালবোৰে কমিচনৰ অংকত হাতীৰ গৰাকীক হাতী বিক্ৰী কৰিবলৈ উৎসাহিত কৰিবলৈ ধৰে। গৰাকীসকলেও দালালৰ প্ৰৰোচনাত পৰি হাতী বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। কিন্তু বণিক গোষ্ঠীক হাতী বিক্ৰী কৰি বহি ৰাজ্যলৈ প্ৰেৰণৰ ক্ষেত্ৰত তেওঁলোক যথেষ্ট আইনী বাধাৰ সন্মুখীন হয় । এই আইনী বাধাৰ পৰা হাত সাৰিবলৈ তেওঁলোকে হাতীবোৰৰ অবৈধ নথি পত্ৰ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। দালালবোৰে অসমৰ গৰাকীৰ হাতীবোৰ, অসমত জন্ম হোৱা হাতী পোৱালিবোৰ অৰুণাচল প্ৰদেশৰ বুলি নথি পত্ৰ প্ৰস্তুত কৰি সৰবৰাহ কৰিবলৈ ধৰে। এই কথা এতিয়াও তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৱৰ্তী এলেকাৰবোৰৰ মানুহৰ মুখে মুখে। সেয়ে লাথাওৰ পৰা নিয়া এই হাতীবোৰ যে অসমৰ নহয় সেই কথা নুই কৰিব নোৱাৰি। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে আম্বানীৰ বনতাৰালৈ নিয়া হাতীবোৰ অসমৰ নহয় বুলিও ক’লেও আমি তাত পতিয়ন যাব পৰা নাই। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ক’লেই সকলো কথা সত্য হৈ নাযায়। সীমান্তৱৰ্তী এলেকাটোত এক দালাল চক্ৰই অসমৰ হাতীৰ অবৈধকৈ অৰুণাচলী নথি প্ৰত্ৰ প্ৰস্তুত হৈ থকাৰ অভিযোগটোৰ নিৰপেক্ষ তদন্ত কৰক। নিৰপেক্ষ তদন্তই প্ৰমাণ কৰিব আম্বানীৰ বনতাৰালৈ লৈ যোৱা হাতীবোৰ প্ৰকৃততে অসমৰ নে অৰুণাচল প্ৰদেশৰ।