উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ১১খন ৰাজ্যই মুকলি কৰিলে ৫০হাজাৰ কয়েদী; অসমত কিমান?

Story-4-1140x570

কৰ’না সংক্ৰমণৰ আশংকালৈ লক্ষ্য কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাজ্যসমূহে কাৰাগাৰসমূহত বন্দী হৈ থকা কয়েদীক মুকলি কৰি দিয়াৰ কাম আৰম্ভ কৰিছে।

এতিয়ালৈকে নখন ৰাজ্যই ৪০,০০০ কয়েদীক অস্থায়ীভাৱে জামিনত মুকলি কৰি দিছে।

কৰ’নাৰ দ্বাৰা অধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত ৭,২০০, মধ্য প্ৰদেশত ৬,৫০০ আৰু পঞ্জাৱত প্ৰায় ১০ হাজাৰ কাৰাবন্দীক জামিনত মুকলি কৰি দিয়া হৈছে।

দিল্লীৰ ৰোহিনী আৰু ৰাজস্থানৰ জয়পুৰ কাৰাগাৰত কৰ’না আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ পাছত ৰাজ্য চৰকাৰ সতৰ্ক হৈ পৰিছে।

মহাৰাষ্ট্ৰ চৰকাৰে জানিবলৈ দিয়া মতে এতিয়ালৈকে ৭,২০০তকৈয়ো অধিক কাৰাবন্দীক মুকলি কৰি দিছে আৰু শীঘ্ৰেই আৰু ১০হাজাৰ কয়েদীক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।

চেন্ট্ৰেল মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত ১০০তকৈয়ো অধিক কয়েদী তথা কৰ্মচাৰী কৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈছে।

মধ্য প্ৰদেশত কৰ’নাৰ সংক্ৰমণ আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে ৬,৫০০ কয়েদীক জামিনত মুকলি কৰি দিয়া হৈছে।

ইয়াৰে ৩,৯০০ জন কয়েদীক পেৰ’লত আৰু ২,৬০০জন কয়েদীত অন্তৱৰ্তী জামিনত মুকলি কৰি দিয়া হৈছে।

তামিলনাডুত ৬,০০০, উৰিষ্যাত ৭,২০০, পশ্চিমবংগত ৩,০০০,গুজৰাটত ২,৫০০, গোৱাত ৪৪জন আৰু ছত্তীশগড়ত ৩,৪১৮জন কয়েদীক কাৰাগাৰৰৰ পৰা মুকলি কৰি দিয়া হৈছে।

অসমত এতিয়ালৈকে বিভিন্ন কাৰাগাৰৰ পৰা মুঠ ৩,৫০০কয়েদীক মুকলি কৰি দিয়া হৈছে।

ইপিনে, বিহাৰ চৰকাৰে প্ৰায় ৪,৫০০ কয়েদীক খালী থকা কাৰাগাৰসমূহলৈ স্থানান্তৰ কৰিছে। ৰাজ্যখনত এতিয়ালৈকে এজনো কয়েদীক মুকলি কৰি দিয়া হোৱা নাই।

আনহাতে, জয়পুৰৰ কাৰাগাৰ বন্দী হৈ থকা বিচাৰাধীন এজন কয়েদীৰ দেহত কৰ’না পজিটিভ পোৱাৰ পাছত উচ্চতম ন্যায়ালয়ে চিকিৎসাৰ বাবে জামিন মঞ্জুৰ কৰে।

পঞ্জাৱৰ লুধিয়ানা কাৰাগাৰত বন্দী হৈ থকা এগৰাকী ৪৮বছৰীয়া মহিলাৰ কৰ’না পজিটিভ পোৱা গৈছে।

ইপিনে, জয়পুৰ কাৰাগাৰত ১৪০জন কৰ’না আক্ৰান্ত পোৱাৰ পাছত ৰাজ্য চৰকাৰে আন কাৰাগাৰ সমূহতো সোমবাৰৰ পৰা ৰেণ্ডম টেষ্টিঙৰ নিৰ্দেশ দিছে।