২০২০ৰ শ্বাহিনবাগ আন্দোলনৰ সময়ত গোষ্ঠী হিংসাত জড়িত থকাৰ অভিযোগত দিল্লীৰ মন্ত্ৰী তথা বিজেপি নেতা কপিল মিশ্ৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰাৰ নিৰ্দেশ দিছে ৰাউছ এভিনিউ আদালতে। অতিৰিক্ত মুখ্য বিচাৰক বৈভৱ চৌৰাছিয়াই মঙলবাৰে দিল্লী পুলিচক তৎক্ষণাৎ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে।
নতুন নাগৰিকত্ব আইন (চিএএ)ৰ বিৰোধিতা কৰি ২০২০ৰ ফেব্ৰুৱাৰীত উত্তৰ-পূব দিল্লীত গোষ্ঠী হিংসা সংঘটিত হৈছিল। তেতিয়াৰ বিজেপি নেতা কপিল মিশ্ৰৰ ‘উচটনিমূলক বক্তৃতা’ এই গোষ্ঠী হিংসা এটা কাৰণ আছিল বুলি অভিযোগ উত্থাপিত হৈছিল । কিন্তু ২০২০ৰ ছেপ্টেম্বৰত দিল্লী পুলিচে দাখিল কৰা চাৰ্জশ্বীটত কপিল মিশ্ৰৰ নাম নাছিল। এই সন্দৰ্ভত মহম্মদ ইলিয়াছ নামৰ এজন স্থানীয় লোকে আদালতত আবেদন কৰিছিল।
দিল্লী পুলিচে ইলিয়াছৰ অভিযোগৰ বিৰোধিতা কৰি কৈছিল যে কপিল মিশ্ৰক ষড়যন্ত্ৰমূলকভাৱে এই গোচৰত জড়িত কৰিবলৈ চেষ্টা কৰা হৈছে। পুলিচে ‘দিল্লী প্ৰটেষ্ট ছাপ’ৰ্ট গ্ৰুপ’ নামৰ এটা গোটৰ হোৱাটছএপ বাৰ্তাৰ কথাও উল্লেখ কৰিছিল। কিন্তু আদালতে পুলিচৰ যুক্তি নাকচ কৰে।
উল্লেখ্য যে ২০২০ত হিংসাৰ সময়ত কপিল কপিল মিশ্ৰৰ নাম চৰ্চাত আহিছিল। তেওঁ দিল্লী পুলিচক ‘তিনি দিনৰ ভিতৰত ৰাস্তা খালি কৰাৰ’ আলটিমেটাম দিছিল। সেই সময়ত তেওঁৰ “তিনি দিন সময় দিলো। জাফৰাবাদ আৰু চান্দবাগৰ ৰাস্তা খালি কৰক। তাৰ পিছত আমাক বুজাবলৈ নাহিব।” বুলি দিয়া এই বক্তব্যৰ ক্লিপ ভাইৰ’ল হৈ পৰিছিল। এই হিংসাত ৫৩ জনৰ মৃত্যু হৈছিল আৰু২০০তকৈ অধিক লোক আহত হৈছিল।