ভাৰত চকাৰে ৰয়টাৰ, টি আৰ টি আৰু গ্ল’বেল টাইমছৰ দৰে আন্তঃৰাষ্ট্ৰীয় মিডিয়া সংস্থাৰ এক্স একাউণ্ট ব্লক কৰা বিষয়টোক লৈ মুখ খুলিছে এক্স-এ।
এক্সে নিজৰ গ্ল’বেল গভৰ্ণমেণ্ট এফেয়াৰ্ছ হেণ্ডেলত উল্লেখ কৰিছে যে ২০২৫ চনৰ ৩ জুলাইত ভাৰত চৰকাৰে আই টি আইনৰ ৬৯এ ধাৰা অনুসৰি ভাৰতৰ ২৩৫৫টা একাউণ্ট ব্লক কৰিবলৈ নিৰ্দেশ দিছিল।
এই পোষ্টটোত এক্সে কৈছে, “এই একাউণ্টসমূহৰ ভিতৰত ৰয়টাৰ আৰু ৰয়টাৰ ৱৰ্ল্ডৰ একাউণ্টো অন্তৰ্ভুক্ত আছিল। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে কোনো কাৰণ নিদিয়াকৈ এঘণ্টাৰ ভিতৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল আৰু পৰৱৰ্তী জাননী নিদিয়ালৈকে একাউণ্টসমূহ ব্লক কৰি ৰাখিবলৈ কৈছিল।”
জনসাধাৰণৰ ক্ষোভৰ পিছত চৰকাৰে ৰয়টাৰ আৰু ৰয়টাৰ ৱৰ্ল্ডৰ একাউণ্ট আনব্লক কৰিবলৈ কৈছিল বুলিও কোম্পানীটোৱে উল্লেখ কৰিছে।
ইয়াৰ পিছত এক্সে কৈছে, “এই ব্লক অৰ্ডাৰৰ বাবে ভাৰতত চলি থকা প্ৰেছ চেঞ্চৰশ্বিপক লৈ আমি অতিশয় চিন্তিত। এক্সে উপলব্ধ সকলো আইনী বিকল্পৰ কথা বিবেচনা কৰি আছে। ভাৰতীয় আইন অনুসৰি এক্সক এই কাৰ্যবাহী আদেশৰ বিৰুদ্ধে আইনী প্ৰত্যাহ্বান জনোৱাত বাধা আছে। আমি ক্ষতিগ্ৰস্ত ব্যৱহাৰকাৰীসকলক আদালতৰ জৰিয়তে আইনী প্ৰতিকাৰ বিচাৰিবলৈ আবেদন জনাইছো।”
উল্লেখ্য যে যোৱা সপ্তাহত এই একাউণ্টসমূহ ব্লক কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পিছত এনেধৰণৰ বাতৰি ওলাইছিল য’ত চৰকাৰী মুখপাত্ৰই কৈছিল যে ভাৰত চৰকাৰে ৰয়টাৰৰ একাউণ্ট ব্লক কৰাৰ কোনো আইনী দাবী উত্থাপন কৰা নাই।