• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিক্ৰী হৈ গ‘ল ইলন মাস্কৰ এক্স! কিমান দাম উঠিল এই ছ’চিয়েল মিডিয়া সংস্থাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2025 11:20 am
196
VIEWS
Share on FacebookShare on Twitter

বিক্ৰী হৈ গ’ল এক্স (Elon Musk’s xAI acquires X) । ইলন মাস্কে নিজেই দিছে এই তথ্য। শুকুৰবাৰে মাস্কে ঘোষণা কৰে যে তেওঁৰ কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী xAI য়ে ৪৫ বিলিয়ন ডলাৰৰ অল ষ্টক লেনদেনৰ জৰিয়তে X (পূৰ্বৰ টুইটাৰ)ক কিনি লৈছে।

ইয়াৰ ভিতৰত এক্সৰ ১২ বিলিয়ন ডলাৰৰ ঋণৰ বোজাও এক্সএআইৰ ওপৰত পৰিব। এই প্ৰসংগত এক্সৰ বজাৰ মূল্য ৩৩ বিলিয়ন ডলাৰ নিৰ্ধাৰণ কৰা হৈছে। আৰু এক্সএআইৰ বজাৰ মূল্য ৮০ বিলিয়ন ডলাৰ।

এই পদক্ষেপৰ জৰিয়তে মাস্কে কৃত্ৰিম বুদ্ধিমত্তা আৰু ছ’চিয়েল মিডিয়াক একত্ৰিত কৰাৰ দিশত এক পদক্ষেপ গ্ৰহণ কৰিছে। ছ’চিয়েল মিডিয়াৰ বাৰ্তাত ইলন মাস্কে লিখিছে, ‘এক্সএআই আৰু এক্সৰ ভৱিষ্যত আন্তঃসংলগ্ন। আজি আমি আনুষ্ঠানিকভাৱে ডাটা, মডেল, গণনা, বিতৰণ আৰু প্ৰতিভাক একত্ৰিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছো।’

মাস্কে লগতে কয়, “মই এক্সএআই আৰু এক্সৰ সকলোৰে কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিব বিচাৰো যিয়ে আমাক এই পৰ্যায়লৈ লৈ আনিছে। এইটো মাত্ৰ আৰম্ভণিহে।” ‘সত্যান্বেষী’ কৃত্ৰিম বুদ্ধিমত্তাৰ তালিকাত এক্সএআইক আগস্থানত ৰাখিবলৈ চেষ্টা কৰিছে মাস্কে। এক্সএআইৰ অত্যাধুনিক প্ৰযুক্তি আৰু ৬০ কোটিতকৈ অধিক ব্যৱহাৰকাৰীৰ সৈতে এআই সম্পৰ্কীয় কাম আৰু আগবাঢ়িব বুলি আশা কৰা হৈছে।

ইয়াৰ পূৰ্বে ইলন মাস্কে ২০২২ চনত টুইটাৰ ক্ৰয়ৰ চুক্তি সম্পূৰ্ণ কৰিছিল। অৱশ্যে তাৰ আগতে ইলন মাস্কে পূৰ্বে টুইটাৰৰ সৈতে চুক্তি বাতিল কৰাৰ চেষ্টা কৰিছিল। আনকি বিষয়টো আদালতৰ ওচৰ পাইছিল।

মাস্কে অভিযোগ কৰিছিল যে ৪৪ মিলিয়ন ডলাৰৰ চুক্তিৰ সময়ত টুইটাৰে তেওঁক কোম্পানীটোৰ বিষয়ে বিভ্ৰান্তিকৰ তথ্য প্ৰদান কৰিছিল। কিন্তু সেই সকলোবোৰ জটিলতা অতিক্ৰম কৰাৰ পিছত অৱশেষত মাস্কে টুইটাৰ ক্ৰয় কৰিলে। পিছত তেওঁ নিজৰ নাম সলনি কৰি ‘এক্স’ কৰি লয়।

@xAI has acquired @X in an all-stock transaction. The combination values xAI at $80 billion and X at $33 billion ($45B less $12B debt).

Since its founding two years ago, xAI has rapidly become one of the leading AI labs in the world, building models and data centers at…

— Elon Musk (@elonmusk) March 28, 2025

মাস্কে টুইটাৰৰ নীলা চৰাইটোক অঁতৰাই দিছিল। ইপিনে মাস্কে ২০২৩ চনৰ জুলাই মাহত নিজৰ নতুন এআই কোম্পানীটো আৰম্ভ কৰিছিল। নাম দিয়ে – ‘এক্সএআই’। মাস্কে গুগলৰ ‘ডিপমাইণ্ড’, মাইক্ৰ’ছফ্ট, আৰু টেছলাৰ বিষয়াসকলক এক্সএআইত আনি নিযুক্তি দিছিল।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd