• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঢেকিয়াজুলিত ইলোৰা বিজ্ঞান মঞ্চই পালন কৰিলে অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী দিৱস

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 8, 2023 7:47 pm
870
VIEWS
Share on FacebookShare on Twitter

আধুনিক অসমৰ অগ্ৰদূত, অসমত অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী যুঁজৰ অন্যতম বাটকটীয়া, ‘হেমকোষ’ অভিধানৰ প্ৰণেতা তথা অসমীয়া ভাষাৰ ওজা পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিৱস উপলক্ষে অসমত বিজ্ঞানমনস্কতাৰ হকে সদা তৎপৰ তথা সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী যুঁজত সদায়ে আগৰণুৱা বেচৰকাৰী-লাভবিহীন সংগঠন ইলোৰা বিজ্ঞান মঞ্চই ২০০৫ চনত গঠন হোৱাৰে পৰা প্ৰত্যেক বছৰৰ ১০ ডিচেম্বৰ তাৰিখটো অন্ধবিশ্বাস আৰু কুসংস্কাবিৰোধী দিৱস হিচাপে পালন কৰি আহিছে।

সেই উপলক্ষে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাটিয়েও যোৱাবছৰৰ দৰে এইবেলিও উক্ত অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী দিৱসটি পালন কৰে। মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাই এইবেলি কিছু আগতীয়াকৈ, অৰ্থাৎ আজি ৮ ডিচেম্বৰ তাৰিখ, শুক্ৰবাৰে দিনৰ দুই বজাত ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত উক্ত দিৱসটি পালন কৰে।

পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত অৱসৰপ্ৰাপ্ত শিক্ষক কবীন্দ্ৰ কুমাৰ দাসৰ দ্বাৰা পুষ্প-অৰ্পণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত সভা পৰিচালক হিচাপে মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সভাপতি ৰত্নেশ্বৰ ৰাভা আৰু লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যাপক ড° কান্তাৰ ভূষণ নন্দীয়ে আসন গ্ৰহণ কৰাৰ পিছত অনুষ্ঠানটিৰ আন কাৰ্যসূচী সমূহ আৰম্ভ হয়।

অধ্যাপক ড° কান্তাৰ ভূষণ নন্দীয়ে উপস্থিত ৰাইজক উদ্দেশ্যি এক মূল্যৱান ভাষণ আগবঢ়োৱা অনুষ্ঠানটিৰ আৰম্ভণি পৰ্বত স্বনামধন্য সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঞিয়ে পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ ওপৰত লিখি থৈ যোৱা অতি গুৰুত্বপূৰ্ণ তথা মূল্যবান প্ৰৱন্ধ এটি পাঠ কৰে শাখাৰ সম্পাদক প্ৰজিত নাথে।

সম্পাদক প্ৰজিত নাথে আঁত ধৰা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখাৰ আন এগৰাকী যুটীয়া সহকাৰী সম্পাদক কাবেৰী ডেকা নাথে।

অনুষ্ঠানটিৰ এক অন্যতম ব্যতিক্ৰমী কাৰ্যসূচী তথা বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ নৱতম প্ৰয়াস হিচাপে শাখাৰ প্ৰত্যেক সদস্য বা বিজ্ঞানমনস্কতাৰ হকে আন্দোলনৰত ব্যক্তিসকলে নিজকে কিমানদূৰ বিজ্ঞানমনস্ক কৰি তুলিব পাৰিছে, সেই বিষয়ে স্ব-বিশ্লেষণ কৰি সেই ক্ষেত্ৰত বক্তব্য ৰখাত ইচ্ছুকসকলৰ চমু বক্তব্য শীৰ্ষক এটি কাৰ্যসূচী ৰখা হয়। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠানটিত উপস্থিত থকা অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে কামাখ্যা ভট্টাচাৰ্য, কবীন্দ্ৰ কুমাৰ দাস, প্ৰেমানন্দ নাথৰ লগতে শাখাৰ যুটীয়া সহকাৰী সম্পাদক কাবেৰী ডেকা নাথে স্ব-বিশ্লেষণৰ জৰিয়তে বিভিন্ন গুৰুত্বপূৰ্ণ, জৰুৰী তথা আমোদজনক প্ৰসংগ উত্থাপন কৰি চমুকৈ বক্তব্য ৰাখে।

উক্ত সভাৰ আন এক কাৰ্যসূচী হিচাপে মৰণোত্তৰভাৱে দেহদানৰ বাবে শেষ ইচ্ছা পত্ৰত স্বাক্ষৰ কৰে অঞ্চলটোৰ দুগৰাকী বয়োজ্যেষ্ঠ মহিলা ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক মাইকণ দাস আৰু পুতুলি বৰ্মনে।

অনুষ্ঠানটিৰ অন্যতম কাৰ্যসূচী হিচাপে মঞ্চৰ আজীৱন সদস্যসকলক প্ৰমাণ-পত্ৰও প্ৰদান কৰে শাখাৰ অন্যতম পুৰণি তথা সক্ৰিয় সদস্য তপন ভাৱাল আৰু নীলিমা দেৱীয়ে।

শাখাটিৰ যুটীয়া সহকাৰী সম্পাদক নাজমল হুছেইন ভূঞাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটি সভা পৰিচালক ৰত্নেশ্বৰ ৰাভাই চমু বক্তব্য আগবঢ়োৱাৰ লগতে এটি প্ৰগতিশীল গীত পৰিৱেশন কৰাৰ পিছতে অন্ত পৰে।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd