NORTHEAST NOW (Assamese)

এম জি এনৰেগাৰ অধীনত বিশ্বনাথত সুৰক্ষা বান্ধ নিৰ্মাণৰ কাম আৰম্ভ

May 30, 2020 8:34 pm · এন ই নাও নিউজ
Updated: May 30, 2020 8:37 pm

বিশ্বনাথ জিলাৰ চতিয়াৰ দক্ষিণাঞ্চলৰ এটা বৃহৎ অঞ্চলক ব্ৰহ্মপুত্ৰ নদীৰ সাম্ভাব্য বান গঢ়া খহনীয়াৰ পৰা সুৰক্ষা প্ৰদানৰ বাবে এম জি এনৰেগাৰ অধীনত এটা সুৰক্ষা বান্ধ নিৰ্মাণৰ কামৰ আজি শুভাৰম্ভ কৰা হয়।

২০১৯-২০ বিত্তীয় বৰ্ষত বিশ্বনাথ জিলা পৰিষদ দ্বাৰা এম জি এনৰেগাৰ অধীনত আবন্টিত মুঠ ১৩,৯৮,৯১১/-টকাৰে নিৰ্মান হ’ব লগা এই সুৰক্ষা বান্ধ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।

ব্ৰহ্মপুত্ৰ নদীৰ কাষৰীয়া ৫ নং কুমলীয়াৰ জুলা বস্তিত নিৰ্মাণ হব লগীয়া এই বান্ধটোৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ অনুষ্ঠানটিত বিশ্বনাথ জিলাৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টিপুৰেন্দ্ৰ পাটৰ, বিশ্বনাথ জিলা পৰিষদৰ সদস্য সত্যেন্দ্ৰ হাজৰিকা উপস্থিত থকাৰ লগতে কুমলীয়া গাওঁ পঞ্চায়তৰ সভানেত্ৰী মফিদা খাতুন, জলসম্পদ বিভাগ, বিশ্বনাথ চাৰিআলিৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা, বিশ্বনাথ উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীও উপস্থিত আছিল।

উল্লেখ্য যে বাৰ্ষিক উৎসৱৰ লেখীয়াকৈ ব্ৰহ্মপুত্ৰৰ বলীয়া বানে প্ৰতি বাৰেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজক জলা কলা খুৱাই আহিছে। বিশ্বনাথ জিলাখনৰ চতিয়াৰ দক্ষিণাঞ্চলত বিশ্বনাথ জিলা পৰিষদৰ দ্বাৰা কুমলীয়া গাওঁ পঞ্চায়তৰ অধীনত সুৰক্ষা বান্ধটো নিৰ্মাণ হলে এই বৃহৎ অঞ্চলটো সাম্ভাব্য বানৰ কবলৰ পৰা ৰক্ষা পাব বুলি আশা কৰিব পাৰি।

Related News