• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক দাৰা আহমেদৰ পৰলোকপ্ৰাপ্তি; মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2021 12:37 pm
Dara Ahmed
262
VIEWS
Share on FacebookShare on Twitter

অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী বিশিষ্ট পৰিচালক দাৰা আহমেদৰ পৰলোকপ্ৰাপ্তি ঘটিছে।

মহানগৰীৰ এপল’ হাস্পাতালত সোমবাৰে পুৱা তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২বছৰ।

দেওবাৰে দুপৰীয়া হঠাতে বুকুৰ বিষ অনুভৱ কৰাৰ পাছত আহমেদক এপ’ল’ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল।

হাস্পাতালত চিকিৎসকে তেওঁক ততাতয়াকৈ আইচিইউত ভৰ্তি কৰে। কিন্তু মৃত্যুৰ সৈতে যুঁজি অৱশেষত সোমবাৰে পুৱা হাস্পাতালতে চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

অসমীয়া চলচ্চিত্ৰ জগতৰ এখন অতি জনপ্ৰিয় ছবি ‘ডাঃ বেজবৰুৱা’ত প্ৰথম সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল দাৰা আহমেদে।

দাৰা আহমেদ পৰিচালিত জনপ্ৰিয় অসমীয়া ছবিসমূহৰ ভিতৰত আছিল, ‘পূজা’, ‘ৰিক্সাৱালা’, ‘উৰ্বশী’, ‘যখিনী’, ‘ধ্ৰুৱতৰা’ আদি।

জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ ভগ্নী এলি আহমেদ অসমৰ এগৰাকী বিশিষ্ট গীতিকাৰ তথা সাহিত্যিক।

দাৰা আহমেদৰ বিয়োগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে।

টুইটাৰযোগে নিজৰ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে,‘’অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ বিয়োগত মই মৰ্মাহত হৈছোঁ। তেখেতৰ বিয়োগে অসমীয়া চলচ্চিত্ৰ জগতত এক শূণ্যতাৰ সৃষ্টি কৰিলে। মই বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ।‘’

অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ বিয়োগত মই মৰ্মাহত হৈছোঁ। তেখেতৰ বিয়োগে অসমীয়া চলচ্চিত্ৰ জগতত এক শূণ্যতাৰ সৃষ্টি কৰিলে। মই বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ। pic.twitter.com/9yz2LWnCbM

— Himanta Biswa Sarma (@himantabiswa) May 24, 2021

আহমেদৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ আন এগৰাকী বিশিষ্ট পৰিচালক সঞ্জীৱ হাজৰিকাই। টুইট কৰি তেওঁ লিখিছে,’’পূজা’ৰ দৰে ছুপাৰহিট চিনেমাৰ পৰিচালক দাৰা আহমেদ আৰু আমাৰ মাজত নাই। তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ।‘’

বিশিষ্ট পৰিচালকগৰাকীৰ বিয়োগত অসমীয়া চলচ্চিত্ৰৰ অনুৰাগীসকলৰ লগতে বিভিন্ন মহলত শোকৰ ছাঁ পৰিছে।

Recent News

বিশ্বজুৰি ১২২ মিলিয়নতকৈ অধিক লোক বলপূৰ্বকভাৱে স্থানচ্যুত হৈছেঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

বিশ্বজুৰি ১২২ মিলিয়নতকৈ অধিক লোক বলপূৰ্বকভাৱে স্থানচ্যুত হৈছেঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী? যাত্ৰী তালিকাত নাম!

আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী? যাত্ৰী তালিকাত নাম!

মহানগৰীৰ গান্ধীবস্তিত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলিল কেইবাটাও বাসগৃহ !

মহানগৰীৰ গান্ধীবস্তিত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলিল কেইবাটাও বাসগৃহ !

ৰাজাৰ হত্যাকাৰীক টকা দিয়া হৈছিল জিতেন্দ্ৰ ৰঘুবংশীৰ একাউণ্টৰ পৰা; কোন এইজন ব্যক্তি?

ৰাজাৰ হত্যাকাৰীক টকা দিয়া হৈছিল জিতেন্দ্ৰ ৰঘুবংশীৰ একাউণ্টৰ পৰা; কোন এইজন ব্যক্তি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd