বিশিষ্ট সাহিত্যিক, ভাষাতত্ত্ববিদ, সাহিত্যচাৰ্য অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক,ভাষাতত্ত্ববিদ, সাহিত্যচাৰ্য  অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাৰ দেহাৱসান ঘটিছে। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ তেওঁ চিকিৎসাধীন হৈ আছিল।

শনিবাৰে নিশা গুৱাহাটীৰ কে জি এম টি হাস্পাতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ।

১৯৩৩ চনৰ ৩১ জুলাইত গোলাঘাটৰ বাৰমুখীয়া গাঁৱত বিশ্বেশ্বৰ হাজৰিকাই জন্মগ্রহণ কৰিছিল। মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে ১৯৯৫ চনত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

বিশ্বেশ্বৰ হাজৰিকাই অসমৰ প্ৰসিদ্ধ ভাষাবিদ ড০ বানীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থ Assamese: Its Formation & Development ৰ অসমীয়া ভাষাৰ গঠন আৰু ক্ৰমবিকাশ নামেৰে অসমীয়াত অনুবাদ কৰিছিল।

হাজৰিকাৰ বহুমূলীয়া গ্ৰন্থৰাজিৰ ভিতৰত আছে ‘Assamese Language origin and Develop- ment’, ‘অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্রমবিকাশ’ ‘Chaitanya’s Impact on the Vaisnavism of Assam’ ‘চর্যাগীতিকোষ’ আৰু ‘অসমীয়া-বড়ো-ৰাভা ত্রিভাষিক অভিধান’ ইত্যাদি।

অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০১৪ চনত অসম সাহিত্য সভাই তেওঁক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে ।

বিশিষ্ট পণ্ডিতগৰাকীৰ মৃত্যুত অসমৰ সাহিত্য জগতত গভীৰ শোকৰ ছাঁ পৰিছে।