বিশিষ্ট সমাজ সংগঠক, ভাৰতীয় ৰে’ল সেৱাৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া ৰবীন্দ্ৰ চন্দ্ৰ বৰুৱাৰ দেহাৱসান

Rabindra Ch Baruah

ভাৰতীয় ৰে’ল সেৱাৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া ৰবীন্দ্ৰ চন্দ্ৰ বৰুৱাৰ শনিবাৰে পুৱা গুৱাহাটীত পৰলোকপ্ৰাপ্তি ঘটে। কিছুদিন ধৰি অসুস্থ হৈ থকা বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৫বছৰ।

মহানগৰীৰ ৰুক্মিনী নগৰৰ নামঘৰ পথ নিবাসী বিশিষ্ট নাগৰিক বৰুৱা ১৯৬০ চনৰ ভাৰতীয় প্ৰশাসনিক পৰীক্ষাৰ এলাইড চাৰ্ভিছত উত্তীৰ্ণ হৈ ভাৰতীয় ৰে’লৰ গাণনিক সেৱাত যোগদান কৰিছিল।

ভাৰতীয় সংযুক্ত প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা বৰুৱা উত্তৰ-পূবৰ প্ৰথম চামৰ বিষয়াসকলৰ মাজৰ অন্যতম আছিল।

ৰতলাম, গোৰখপুৰ, মালিগাঁও, ৰে’লৱে বোৰ্ডকে ধৰি ভাৰতীয় ৰে’লৱে সেৱাৰ বিভিন্ন স্থানত শীৰ্ষ পদবীত কাৰ্যনিৰ্বাহ কৰাৰ পাছত ১৯৭২ চনত ভাৰতীয় ৰে’লৱেৰ কম্পিউটাৰাইজড মেনেজমেন্টৰ প্ৰশিক্ষণৰ বাবে জাৰ্মানীলৈ ডেপুটেশ্যনত যোৱা প্ৰথম চাম বিষয়াৰ মাজৰ অন্যতম আছিল ৰবীন্দ্ৰ চন্দ্ৰ বৰুৱা।

তেওঁ IRCON ৰ বিত্ত সঞ্চালক হিচাপেও সেৱা আগবঢ়াইছিল। বৰুৱা এগৰাকী অত্যন্ত ক্ৰীড়ানুৰাগী ব্যক্তি আছিল আৰু তেওঁ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ক্ৰীড়া বোৰ্ডৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

তদুপৰি, তেওঁ বিআৰপিএলৰ বিত্ত প্ৰৱন্ধক আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মুখ্য গাণনিক বিষয়া তথা বিত্তীয় সদস্য হিচাপেও সেৱা আগবঢ়াইছিল।  

ৰে’ল সেৱাৰ চাকিৰত বহুতো অসমীয়া যুৱক-যুৱতীক নিযুক্তি দিয়াৰ ক্ষেত্ৰতো বৰুৱাই সহায় কৰিছিল।

বৰুৱাই তেওঁ সেৱা আগবঢ়োৱা ৰে’লৱে প্ৰতিষ্ঠানত অসমীয়া সংস্কৃতিক তুলি ধৰাত অত্যন্ত আগ্ৰহী আছিল। তেওঁ মালিগাঁৱৰ বিহু উদযাপনৰ সৈতেও জড়িত আছিল।

সামাজিক দায়বদ্ধতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ বৰুৱাই ৰঙিয়াৰ এপ’ল উদ্যোগকো নেতৃত্ব দিছিল আৰু বহুতো স্থানীয় উদ্যোগীক আত্মসংস্থাপনত সহায় কৰিছিল।

প্ৰয়াত বৰুৱা ১৯৯৪ চনত  দিল্লীৰ আছাম এছ’চিয়েশ্যনৰ সভাপতিও আছিল।

মৃত্যুৰ সময়ত বৰুৱাই তেওঁৰ পত্নী গীতাশ্ৰী, কন্যা অলকানন্দা আৰু পুত্ৰদ্বয় অতীন্দ্ৰ আৰু অমিতক ইহ সংসাৰত এৰি থৈ গৈছে।