সন্দেহৰ আৱৰ্তত আলোচনা চুক্তি: পুনৰ সংঘৰ্ষত লিপ্ত হ’ল অসম আৰক্ষী আৰু আলফা স্বাধীন

ULFA (I)

প্ৰতিনিধিত্বমূলক ফটো

নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা আৰু চৰকাৰৰ মাজত সম্ভাব্য আলোচনাৰ দিশটোক সন্দেহৰ মাজলৈ ঠেলি দি পুনৰ এবাৰ সংঘৰ্ষত লিপ্ত হৈছে অসম আৰক্ষী আৰু আলফা স্বাধীন। যোৱা নিশা অসম আৰক্ষী আৰু আলফা স্বাধীনৰ কেডাৰৰ মাজত তিনিচুকীয়া জিলাৰ পেঙেৰীত এক ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়।

আলফা (স্বাধীন)ৰ বিদ্ৰোহী কেডাৰ সকলে ম্যানমাৰৰ ঘাটিৰ পৰা অৰুণাচল প্ৰদেশৰ জংঘলৰ মাজেৰে তিনিচুকীয়াৰ সীমান্তৱৰ্তী পেঙেৰীত প্ৰৱেশ কৰিছিল।

প্ৰকাশিত খবৰ অনুসৰি এই সম্পৰ্কে তথ্য লাভৰ পিছতে উপ আৰক্ষী মহাপৰিদৰ্শক জিতমল ডলীৰ নেতৃত্বত তিনিচুকীয়া আৰক্ষীৰ এটা দলে অভিযান আৰম্ভ কৰে।

পেঙেৰীৰ জংঘলত প্ৰায় ৩০ মিনিট ধৰি দুয়োপক্ষৰ মাজত সংঘৰ্ষ চলে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সন্দেহ কৰা মতে আলফা স্বাধীনৰ এই গোটটোৰ নেতৃত্ব দিছিল কেডাৰ ৰুপম অসমে।

ইফালে জংঘলত আশ্ৰয় লৈ থকা বিদ্ৰোহী সংগঠনটোৰ কেডাৰসকলক বিচাৰি পেঙেৰীত এক যুটীয়া অভিযান আৰম্ভ কৰা হৈছে। এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয় যে বিদ্ৰোহী সংগঠনটোৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব।

পেঙেৰী অঞ্চলত আলফা স্বাধীনৰ সদস্যৰ উপস্থিতি সম্পৰ্কে আৰক্ষীৰ ওচৰত থকা তথ্যৰ আধাৰত এই অভিযান আৰম্ভ হৈছিল আৰু দুয়োপক্ষৰ মাজত এক ভয়ংকৰ সংঘৰ্ষ হৈছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

উল্লেখূয যে যোৱা ১ জুলাইত তিনিচুকীয়াৰ কাকপথাৰত সংঘটিত হোৱা এক সংঘৰ্ষত জ্ঞান অসম নামৰ এজন আলফা স্বাধীনৰ কেডাৰক নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল।