NORTHEAST NOW (Assamese)

প্ৰসিদ্ধ চিত্ৰ নিৰ্মাতা, কবি বুদ্ধদেৱ দাসগুপ্তাৰ পৰলোকপ্ৰাপ্তি, ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্নজনৰ শোক

June 10, 2021 5:56 pm · এন ই নাও নিউজ

প্ৰসিদ্ধ চিত্ৰ নিৰ্মাতা, কবি বুদ্ধদেৱ দাসগুপ্তা আৰু নাই।আজি পুৱা তেওঁ কলকাতাত শেষ নিশ্বাস ত্যাগ কৰে। বঙালী ভাষাৰ ছবি জগতক এক নতুন মাত্ৰাপ্ৰদান কৰা বুদ্দদেৱ দাসগুপ্তাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৭ বছৰ। প্ৰসিদ্ধ চিত্ৰ নিৰ্মাতাগৰাকীয়ে বহু দিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল।

একাধিক ৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত দাসগুপ্তাই মৃত্যুৰ সময়ত পত্নী আৰু দুই কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে।চিত্ৰ নিৰ্মাতাগৰাকীৰ মৃত্যুৰ কবৰ বিয়পি পৰাৰ লগে লগে টলীউডত শোকৰ ছাঁ পৰে।

দাসগুপ্তাৰ মৃত্যুত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শোক প্ৰকাশ কৰি টুইটাৰত কৈছে যে বুদ্ধদেৱ দাসগুপ্তাই তেওঁৰ অনবদ্য বৰঙণিৰে আমাৰ সংস্কৃতিক চহকী কৰি থৈ গ’ল।তেওঁৰ মৃত্যু আমাৰ বাবে এক অপূৰণীয় ক্ষতি।উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱেও দাসগুপ্তাৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুদ্দদেৱ দাসগুপ্তাক এগৰাকী চিত্ৰনিৰ্মাতাৰ লগতে মহান চিন্তশীল ব্যক্তি বুলিও অভিহিত কৰিছে।তেওঁ দাসগুপ্তাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিছে।পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল জগদীপ ধানকাৰেও দাসগুপ্তাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

১৯৪৪ চনত পশ্চিমবংগৰ দক্ষিণ পুৰলিয়াৰ আনাৰাত জন্মগ্ৰহম কৰা বুদ্ধদেৱ দাসগুপ্তাই কলকাতা বিশ্ববিদ্যালয়ৰ অধীনস্থ স্কটিছ চাৰ্ছ কলেজত শিক্ষাগ্ৰহণ কৰি পৰৱৰ্তী সময়ত অৰ্থনীতি বিষয়ৰ এগৰাকী অধ্যাপক হিচাবে কৰ্মজীৱন আৰম্ভ কৰিছিল।

১৯৬৮ চনত দ্য কণ্টিনেণ্ট অৱ লাভ নামৰ ১০ মিনিট দৈৰ্ঘৰ এখন তথ্যচিত্ৰৰে তেওঁ ছবি জগতত খোজ পেলাইছিল।

১৯৭৮ চনত তেওঁ দুৰন্ত নামৰ পূৰ্ণ দৈৰ্ঘৰ ছবি খন নিৰ্মাণ কৰিছিল।বুদ্ধদেৱ দাসগুপ্তাৰ কেইখন মান উল্লেখযোগ্য ছবি হৈছে ক্ৰমে বাঘ বাহাদুৰ,তাহাদেৰ কথা,চৰাচৰ,উত্তৰা আদি।

Related News