NORTHEAST NOW (Assamese)

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

July 14, 2025 10:49 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত পৰিল। ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু তেওঁৰ সংগীসকলে সোমবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি যোৱাৰ যাত্ৰা আৰম্ভ কৰে। ইতিমধ্যে আনডকিংপ্ৰক্ৰিয়া আৰম্ভ হৈছে।

জানিব পৰা মতে, সোমবাৰৰ নিৰ্ধাৰিত সময়তকৈ অলপ পিছতে বিয়লি ৪:৪৫ বজাত (ভাৰত সময় অনুসৰি) আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা শুভাংশুৰ মহাকাশ যানখন পৃথক হয়। নাছাৰ সূত্ৰৰ মতে, যদি সকলো ঠিকে থাকে তেন্তে মঙলবাৰে ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাত শুভাংশুৱে আমেৰিকাৰ কেলিফৰ্ণিয়া উপকূলত অৱতৰণ কৰিব।

নাছাই জনোৱা মতে, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত শুভাংশুৰ কেপচুল পৃথিৱীৰ ফালে গতি কৰিবলৈ আৰম্ভ কৰিব। এই সময়ত কেপচুলৰ গতি হ্ৰাস কৰিবলৈ এবাৰ ৰকেট নিক্ষেপ কৰা হব। ইয়াক ৰেট্ৰগ্ৰেড বাৰ্নবোলা হয়।

পৃথিৱীৰ বায়ুমণ্ডলত উপনীত হোৱাৰ পিছত শুভাংশুৰ কেপচুল তীব্ৰ তাপ আৰু ঘৰ্ষণৰ সন্মুখীন হব। এই সময়ত কেপচুলৰ গতিবেগ হব ঘণ্টাত ২৮ হাজাৰ কিলোমিটাৰ। যিটো ক্ৰমান্বয়ে ঘণ্টাত ২৪ কিলোমিটাৰলৈ হ্ৰাস পাব। পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পিছত দুটা পেৰাচুট খোল খাব। প্ৰথমে সৰুটো। যাৰ বাবে গতি অলপ কমি যাব। তেতিয়া মূল পেৰাচুটটো এটা নিৰ্দিষ্ট দূৰত্বত খোল খাব।

নাছাই কয় যে বতৰ অনুকূল হলে কেপচুলটো কেলিফৰ্ণিয়াৰ উপকূলৰ পৰা প্ৰশান্ত মহাসাগৰৰ মাজভাগত লাহে লাহে নামি আহিব। সাগৰত অৱতৰণ কৰাৰ পিছত স্পেচএক্সৰ এটা দলে দ্ৰুতগতিত কেপচুলটো জাহাজৰ ওপৰলৈ তুলিব। তেতিয়া এজন এজনকৈ তাৰ পৰা ওলাই আহিব।

যোৱা ২৫ জুনত স্পেচএক্সৰ ড্ৰেগনমহাকাশযানত উঠি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ ৰাওনা হৈছিল শুভাংশু শুক্লা। তেওঁৰ সৈতে আছিল এক্সিয়াম-৪ৰ ক্ৰু কমাণ্ডাৰ পেগী হুইটছন, মিছন বিশেষজ্ঞ স্লছ উজানস্কি-উইজনিউস্কি আৰু টিবৰ কাপু। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ এৰি যোৱাৰ পূৰ্বে শুবাংশুৰাই ৰাকেশ শৰ্মাৰ বক্তব্যৰ শাৰী অনুসৰণ কৰি কয়, “ভাৰত এতিয়াও ছাৰে জাহান ছে আচা।”

Related News