মইন আলীৰ নিৰ্বিষ স্পিন বলিং। তাতেই দিশহাৰা মহম্মদ ৰিজৱান। উদ্যমহীন পাকিস্তানৰ উইকেটকীপাৰগৰাকীয়ে নিজৰ পৰিণতিকে যেন বিশ্বাস কৰিব পৰা নাই। এই এখন ছবিতে পাকিস্তানৰ সমগ্ৰ বিশ্বকাপ অভিযান বৰ্ণনা কৰিব পাৰি। মাথোঁ হতাশা আৰু হতাশা। সেই হতাশাৰ অন্ত পৰে চূড়ান্ত লজ্জাজনক পৰাজয়ৰ সৈতে। তাকো সেই ইংলেণ্ডৰ হাতত, যি ইংলেণ্ডে চলিত বিশ্বকাপত সেই অৰ্থত একো দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে।
শনিবাৰে ইডেনত বাবৰ বাহিনী নমাৰ সময়তো ছেমি ফাইনেলৰ ক্ষীণতম সম্ভাৱনা এটা আছিল। অৱশ্যে সেয়া বাস্তৱধৰ্মী নাছিল। বাবৰ আজমে হয়তো সেই সম্ভাৱনাৰ কথা ভবাও নাছিল। হয়তো তেওঁলোকে নূন্যতম জয় বিচাৰিছিল।
কিন্তু পাক দলটোৱে তাৰো আশে পাশে যাব নোৱাৰিলে। ইয়াৰ বিপৰীতে জো ৰুটছ আৰু সংগীসকলে হঠাতে কিংবদন্তি ৰক তাৰকা মিক জেগাৰৰ সন্মুখত তেওঁলোকৰ শ্ৰেষ্ঠ ছন্দ আৱিষ্কাৰ কৰিলে। ফলত ৯৩ ৰানৰ বিশাল ব্যৱধানত সাৱ্যস্ত কৰিলে জয়।
ইডেন গাৰ্ডেনৰ বেটিং সমৰ্থিত উইকেটত প্ৰথমে বেটিং কৰি ইংলেণ্ডে ৯ উইকেটত ৩৩৭ ৰান কৰে। ভাৰতৰ বিৰুদ্ধে ১৩০ ৰানত অল আউট হোৱাসকলেই বিশ্ববিখ্যাত পাকিস্তানৰ বলিং বিভাগক ধৰাশায়ী কৰি তুলিলে। বেন ষ্টোকেছে ৭৬টা বলত ৮৪ ৰান সংগ্ৰহ কৰে। ৰুটে কৰে ৭২টা বলত ৬০ ৰান। বেয়াৰষ্টোৱেও ৫৯ ৰান সংগ্ৰহ কৰে।
পাকিস্তানৰ হৈ শ্বাহীন আফ্ৰিদীয়ে ১০ অভাৰত ৭২ ৰান দিলেৰে। উইকেট পালে দুটা। আৰু হেৰিছ ৰাউফে দিলে ৬৪ ৰান। অৱশ্যে তেওঁ তিনিটা উইকেট লাভ কৰে।
দৰ্শকে হয়তো ভাৱিছিল ৩৩৮ ৰানৰ টাৰ্গেট লৈ নামি বাবৰ বাহিনীয়ে বেটিঙত ধুমুহা তুলিব। হয়তো ক্ৰিকেট অনুৰাগীসকলে উত্তেজনাপূৰ্ণ খেল এখনৰ আশা কৰিছিল। কিন্তু ইংলেণ্ডৰ বলাৰসকলে আৰম্ভণিতে সেই আশাত চেঁচা পানী ঢালি দিলে। পাকিস্তানৰ দুয়োজন অ’পেনাৰ ১০ ৰানৰ ভিতৰতে ঘূৰি আহিল।
অধিনায়ক বাবৰেও ব্যৰ্থতাৰ সৈতে চৰম হতাশাৰে বিশ্বকাপ যাত্ৰাৰ অন্ত পেলালে। তেওঁ ৩৮ ৰান লৈ পেভলিয়নলৈ উভতি গ’ল। ইয়াৰ পিছত এজন এজনকৈ ৰিজৱান (৩৬), ইফতিখাৰ (৩) শ্বাকিল (২৯) সকলোৱে নিজৰ নিজৰ উইকেট দলিয়াই দি উভতি আহিল।
পাকিস্তানৰ আঘা ছলমান (৫১)ৰ বাহিৰে কাৰো যুঁজখন মনত ৰখাৰ যোগ্য নহয়। অৱশ্যে শেষ উইকেটত মহম্মদ ৱাছিম জুনিয়ৰ আৰু হেৰিছ ৰাউফে অলপ যুঁজ দিয়ে। কিন্তু তেতিয়ালৈকে সকলো শেষ হৈ গৈছিল। পাকিস্তানৰ ইনিংছ ২৪৪ ৰানতে সমাপ্ত হয়। ইংলেণ্ডে ৯৩ ৰানত জয়লাভ কৰে। এই জয়ৰ ফলত বাটলাৰৰ বাহিনীয়ে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত খেলাৰ যোগ্যতা লাভ কৰে।
সংক্ষিপ্ত স্কোৰ
ইংলেণ্ড: ৩৩৭-৯ (ষ্ট’কছ ৮৪, ৰুট ৬০)
পাকিস্তানঃ ২৪৪ (আঘা ছলমান ৫১, বাবৰ ৩৮)
ইংলেণ্ড ৯৩ ৰানত বিজয়ী।