NORTHEAST NOW (Assamese)

পন্ত-ৰাহুলৰ শতকৰ পিছত ৩১ ৰানতে ৬ টা উইকেটৰ পতন ভাৰতৰ; জয়ৰ বাবে ইংলেণ্ডক লাগে আৰু ৩৫০ ৰান

June 24, 2025 9:03 am · এন ই নাও নিউজ, গুৱাহাটী

প্ৰথম ইনিংছৰ পাছত দ্বিতীয় ইনিংছতো বেটিঙত ভাৰতৰ টপ অৰ্ডাৰে নিজৰ আধিপত্য প্ৰদৰ্শন কৰে। লিডছত আৰম্ভণিতে শতক অৰ্জন কৰিছিল যশস্বী-গিল-পন্তে। দ্বিতীয় ইনিংছত শতক অৰ্জন কৰে এল কে ৰাহুল আৰু ঋষভ পন্তে। এনে বেটিং বিক্ৰমৰ পিছতো মিডল অৰ্ডাৰ আৰু টেইল এণ্ডাৰৰ দুৰ্বলতা থাকিয়েই গ’ল।

তাৰকা দুগৰাকীৰ শতকৰ পাছত ভাৰতে মাত্ৰ ৩১ ৰানতে ৬টা উইকেট হেৰুৱায়। আৰু তাৰ লগে লগে ভাৰতীয় দলৰ দ্বিতীয় ইনিংছ ৩৬৪ ৰানতে সমাপ্ত হয়। ফলত টেষ্টৰ চতুৰ্থ দিনটোতে ইংলেণ্ডে বেটিং কৰিবলৈ নামে। এতিয়া তেওঁলোকক জয়ী হ’বলৈ আৰু ৩৫০ ৰানৰ প্ৰয়োজন।

ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে অভিজ্ঞ তাৰকা অবিহনে ইংলেণ্ডৰ মাটিত আত্মবিশ্বাসেৰে উজলি উঠিছে নতুন টীম ইণ্ডিয়াই। শুভমন গীলৰ নেতৃত্বত আৰম্ভণিৰে পৰা দলটোৱে দুৰন্ত ছন্দ অব্যাহত ৰাখিছে। দুটা ইনিংছত ৫ টা শতক। প্ৰথম ইনিংছত ৪৫০ ৰানতকৈ অধিক ৰান। দ্বিতীয় ইনিংছতে ৩৫০ ৰান অতিক্ৰম।

বাজ বল টেষ্টৰ যুগতো খেলখন পঞ্চম দিনলৈও আগবাঢ়িছে। কিন্তু এটা প্ৰশ্নই এতিয়া ক্ৰিকেট অনুৰাগীক চিন্তিত কৰি তুলিছে। এনে নান্দনিক টেষ্টখন অনিৰ্ণায়কভাৱে অন্ত পৰিব নেকি? নে ঘৰুৱা দলটোৱে শেষ দিনটোত জয়ী হ’বলৈ প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰি নিব? ভাৰতে যদি এনে পৰিস্থিতিৰ পৰা জয়ী হ’ব বিচাৰে তেন্তে বুমৰাহ বাহিনীয়ে অগ্নিপৰীক্ষা দিব লাগিব।

বিদেশৰ মাটিত বহুবাৰ ত্ৰাণকৰ্তাৰ ভূমিকা পালন কৰি আহিছে বুমৰাহে। এইবাৰো তেওঁৰ সন্মুখত আছে এক কঠিন প্ৰত্যাহ্বান। কাৰণ দিনটোত ১০টা উইকেট লোৱাটো মুখৰ কথা নহয়, য’ত পিটছ বেটিং সহায়ক হৈ পৰিছে৷ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণ বুমৰাহৰ বাবে যোগ্য সংগী হৈ উঠিব লাগিব। অৱশ্যে মঙলবাৰে হেডিংলেত বতৰৰ ওপৰতো প্ৰথমখন টেষ্টৰ ভাগ্য বহু পৰিমাণে নিৰ্ভৰ কৰিব।

গীলে যেনেকৈ জয়ৰ বাবে চেষ্টা কৰিব, বেন ষ্ট’কছেও লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত ইংলেণ্ডে সম্ভৱতঃ মেককালামৰ তত্বাৱধানত বাজবল প্ৰদৰ্শনৰ ওপৰতে নিৰ্ভৰ কৰিব। কিন্তু সোমবাৰে যদি ভাৰতে ক্ষিপ্ৰতাৰে উইকেট নেহেৰুৱালেহেঁতেন তেন্তে হয়তো পঞ্চম দিনটোত অলপ বেছি আত্মবিশ্বাসেৰে খেলপথাৰত নামিব পাৰিলেহেঁতেন গীল বাহিনীয়ে। এতিয়া কোনে শেষ হাঁহি মাৰে সেয়া লক্ষণীয় হৈ পৰিছে।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ৪৭১/১০ আৰু ৩৬৪/১০ (ৰাহুল-১৩৭, পন্ত-১১৮, কাৰ্ছ-৮০/৩, টং-৭২/৩)

ইংলেণ্ড: ৪৬৫/১০ আৰু ২১/০

ইংলেণ্ডক জয়ী হ’বলৈ ৩৫০ ৰানৰ প্ৰয়োজন।

Related News