লৰ্ডছত ৩৯ অভাৰতে ৩০০ ৰান সংগ্ৰহ ব্ৰুকছ বাহিনীৰ; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত সমতা স্থাপন ইংলেণ্ডৰ

পাঁচখন খেলৰ শৃংখলাৰ প্ৰথম ২ খন এদিনীয়া খেলত ঘৰুৱা খেলপথাৰত পৰাস্ত হয় ইংলেণ্ড। স্বাভাৱিকতে অষ্ট্ৰেলিয়াৰ ছিৰিজৰ জয় কেৱল সময়ৰ অপেক্ষা বুলি ভবা হৈছিল। তাৰ পৰাই ইংলেণ্ডে প্ৰত্যাৱৰ্তন কৰি এদিনীয়া শৃংখলা ২-২ ব্যৱধানত সমতা স্থাপন কৰে। একেৰাহে ২ খন মেচত জয়লাভ কৰাৰ পিছত ইংলেণ্ডে  শৃংখলাৰ পঞ্চম তথা অন্তিম এদিনীয়া মেচখন ফাইনেলত পৰিণত কৰিলে।

শুকুৰবাৰে লৰ্ডছত ইংলেণ্ডে আক্ৰমণাত্মক ক্ৰিকেট উপহাৰ দিয়ে। বৰ্ষাবিঘ্নিত  মেচখনত তাণ্ডৱ সৃষ্টি কৰি ডাঙৰ ইনিংছ গঢ়ে। পিছত অষ্ট্ৰেলিয়াক অনায়াসে  পৰাস্ত কৰি মেচখনত ডাঙৰ ব্যৱধানত জয়লাভ কৰে। মুঠতে শৃংখলাৰ চতুৰ্থখন এদিনীয়া মেচত হেৰী ব্ৰুকছ বাহিনীয়ে অষ্ট্ৰেলিয়াক দিশহাৰা কৰে।

বৰষুণৰ বাবে ৫০ অভাৰৰ মেচখন প্ৰতি ইনিংছত ৩৯ অভাৰলৈ হ্ৰাস পায়। ইংলেণ্ডে টছত পৰাস্ত হৈ লৰ্ডছত বেটিং কৰে। বেন ডাকেট, হেৰী ব্ৰুক আৰু লিয়াম লিভিংষ্টনে অৰ্ধশতক অৰ্জন কৰি ৩০০ ৰানৰ সীমা অতিক্ৰম কৰে। নিৰ্ধাৰিত ৩৯ অভাৰত ইংলেণ্ডে ৫ উইকেটৰ বিনিময়ত ৩১২ ৰান সংগ্ৰহ কৰে।

অ’পেনিং কৰিবলৈ নামি বেন ডাকেটে ৬২টা বলত ৬৩ ৰান সংগ্ৰহ কৰে। তেওঁ ৬টা চাৰি আৰু ১টা ছয় মাৰে। ৫৮টা বলত ৮৭ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলি হেৰী ব্ৰুক আউট হৈ যায়। তেওঁ ১১টা চাৰি আৰু ১টা ছয় মাৰে। লিয়াম লিভিংষ্টনে ২টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত মাত্ৰ ২৫টা বলতে নিজৰ ব্যক্তিগত অৰ্ধশতক সম্পূৰ্ণ কৰে। লৰ্ডছত এইটোৱেই দ্ৰুততম অৰ্ধশতকৰ সৰ্বকালৰ অভিলেখ।

ইনিংছৰ শেষ অভাৰত লিভিংষ্টনে মিচেল ষ্টাৰ্কক ৪টা ছয় আৰু ১টা চাৰি ৰান মাৰে। অৰ্থাৎ সেই অভাৰত মুঠ ২৮ ৰান কৰে। শেষত লিয়ামে ২৭টা বলত ৬২ ৰানৰ বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হৈ থাকে। তেওঁ মুঠ ৩টা চাৰি আৰু ৭টা ছয় মাৰে।

ইয়াৰ উপৰিও ফিল ছল্ট ২২, উইল জেকছে ১০, জেমী স্মিথ ৩৯ আৰু জেকব বেথেলে অপৰাজিত ১২ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ এডাম জাম্পাই ২টা আৰু জোছ হেজলউড, মিচেল মাৰ্ছ আৰু গ্লেন মেক্সৱেলে ১টাকৈ উইকেট দখল কৰে।

প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ২৪.৪ অভাৰত মাত্ৰ ১২৬ ৰান সংগ্ৰহ কৰি আউট হয়। অৰ্থাৎ ইংলেণ্ডে ১৮৬ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে। মিচেল মাৰ্ছে ২৮, ট্ৰেভিছ হেডে ৩৪, এলেক্স কেৰীয়ে ১৩ আৰু শ্বেন এবটে ১০ ৰান সংগ্ৰহ কৰে। সেইদৰে, ষ্টিভ স্মিথে ৫, জোছ ইংলিছে ৮, মাৰ্নাছ লাবুচনে ৪, গ্লেন মেক্সৱেল ২ আৰু মিচেল ষ্টাৰ্কে ৩ ৰান সংগ্ৰহ কৰে।

ইংলেণ্ডৰ হৈ মেথিউ পটছে ৩৮ ৰানত ৪ টা উইকেট দখল কৰে। ব্ৰাইডন কাৰ্ছে ৩৬ ৰানত ৩টা উইকেট দখল কৰে। জোফ্ৰা আৰ্চাৰে ৩৩ ৰানত ২ টা উইকেট দখল কৰে। ১১ ৰানত ১ টা উইকেট দখল কৰে আদিল ৰছিদে। হেৰী ব্ৰুক মেন অৱ দ্য মেচ হয়।