আহমেদাবাদত কিৱি ধুমুহা! বিধ্বস্ত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড

England vs New Zealand Cricket World Cup

আহমেদাবাদত আজি ৰণডংকা বাজিল ক্ৰিকেট বিশ্বকাপৰ। ২২ গজৰ এই মহাৰণৰ প্ৰথমখন মেচতে আজি মুখামুখি হৈছিল ১৯ৰ দুই ফাইনেলিষ্ট ইংলেণ্ড আৰু নিউজিলেণ্ড। দুই হেভীৱেইট দলৰ মাজত এক ৰোমাঞ্চকৰ মেচৰ আশা কৰিছিল ক্ৰিকেটপ্ৰেমীয়ে।

কিন্তু ক্ৰিকেটপ্ৰেমীক চমক দি আজি নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কিৱি বাহিনীয়ে এক অনবদ্য তথা দুৰন্ত প্ৰদৰ্শন দাঙি ধৰে, যাৰ পৰিণতিত প্ৰথম মেচতে চূড়ান্ত ৰূপে মুখথেকেচা খাবলৈ বাধ্য হয় ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড।

ইংৰাজ বাহিনীক বিধ্বস্ত কৰি বিশ্বকাপৰ উদ্বোধনী মেচত আজি ৯ উইকেটত চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছে নিউজিলেণ্ডে। দলৰ অধিনায়ক কেন উইলিয়ামছন, তাৰকা বলাৰদ্বয় ইছ সোধি আৰু টিম চাউদীৰ দৰে তাৰকা খেলুৱৈৰ অনুপস্থিতিতো কিৱি বাহিনীয়ে দাঙি ধৰে অসাধাৰণ প্ৰদৰ্শন।

এই জয়ৰ মূলতে আছিল দলৰ আক্ৰমণাত্মক অপেনিং বেটাৰ ডেভন কনৱে’ আৰু উদীয়মান অলৰাউণ্ডাৰ ৰচিন ৰবীন্দ্ৰ। দুয়ো বিস্ফোৰক বেটিং প্ৰদৰ্শনেৰে অপৰাজিত শতকীয় ইনিংছেৰে নিউজিলেণ্ডক দিয়ে আকাংক্ষিত বিজয়।

অৱশ্যে তাৰ পূৰ্বে দলৰ বলিং আক্ৰমণে নিউজিলেণ্ডক প্ৰদান কৰিছিল এক শক্তিশালী স্থিতি। সাম্প্ৰতিক সময়ৰে অন্যতম শ্ৰেষ্ঠ আৰু আক্ৰমণাত্মক ইংলেণ্ডৰ বেটিং লাইন আপক কিৱি বলাৰে বান্ধি ৰাখে ২৮২ ৰাণত।

টছত জয়ী হৈ তদাৰকী কিৱি অধিনায়ক টম লাথামে ইংলেণ্ডক বেটিঙৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিছত দলটোৱে ৯ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ২৮২ ৰাণ। দলৰ হৈ জ’ ৰুটে সৰ্বাধিক ৭৭ ৰাণৰ অৱদান আগবঢ়োৱাৰ বিপৰীতে অধিনায়ক বাটলাৰৰ বেটৰ পৰা আহে ৪৩ ৰাণ।

অপেনাৰ জনী বেয়াৰষ্ট’ই ৩৩, হেৰী ব্ৰুকে ২৫, লিভিংষ্ট’নে ২০ ৰাণকৈ মূল্যৱান বৰঙণি যোগায়। লক্ষণীয়ভাৱে দলৰ ১১ গৰাকী খেলুৱৈয়েই দহকৰ ঘৰত ৰাণ সংগ্ৰহ কৰি অন্য এক অভিলেখ অৰ্জন কৰে।

নিউজিলেণ্ডৰ হৈ মেট হেনৰীয়ে তিনিটা, চেণ্টনাৰ আৰু ফিলিপছে দুটাকৈ আৰু ব’ল্ট-ৰচিন ৰবীন্দ্ৰই এটাকৈ উইকেট দখল কৰে। ইফালে ২৮৩ ৰাণৰ লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ডে আৰম্ভণিতে উজুটি খায়।

ইনিংছৰ দ্বিতীয় অভাৰৰ প্ৰথমটো বলতে ব্যক্তিগত কোনো ৰাণ সংগ্ৰহ নকৰাকৈয়ে বিদায় লয় অপেনাৰ উইল ইয়ঙে। অৱশ্যে ইয়াৰ পিছত আৰু দলৰ কোনো হানি হ’বলৈ নিদিলে আনগৰাকী অপেনাৰ ডেভন কনৱে’ আৰু ৰচিন ৰবীন্দ্ৰই।

দুয়ো ইংলেণ্ডৰ বলিং আক্ৰমণক হেলাৰঙে প্ৰতিহত কৰি, একপ্ৰকাৰে বিধ্বস্ত কৰি দলক ৩৬.২ অভাৰতে বিজয়ৰ লক্ষ্যত উপনীত কৰায়। কনৱে’ই ১২১ বলত ১৯ টা চাৰি আৰু ৩ টা ছয়েৰে ১৫২ ৰাণত অপৰাজিত থাকে।

আনহাতে আনগৰাকী শতক অৰ্জনকাৰী ৰবীন্দ্ৰই ৯৬ বলত ১১ টা চাৰি আৰু ৫ টা ছয়েৰে ১২৩ ৰাণত অপৰাজিত হৈ ৰয়। নিউজিলেণ্ডৰ ইনিংছত পতন ঘটা একমাত্ৰ উইকেটটো দখল কৰে চেম কুৰাণে। অলৰাউণ্ড প্ৰদৰ্শনৰ সুবাদত ৰবীন্দ্ৰ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।