NORTHEAST NOW (Assamese)

বন্ধৰ সৰ্বাত্মক প্ৰভাৱ : সমগ্ৰ ৰাজ্যতে বন্ধ তেল ডিপো; স্তব্ধ জনজীৱন

December 10, 2019 8:50 am · কল্পজ্যোতি শইকীয়া
ফটো: নৰ্থইষ্ট নাও

উত্তৰ-পূব ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে মঙলবাৰে আহ্বান জনোৱা ১১ ঘন্টীয়া বন্ধৰ প্ৰভাৱ সমগ্ৰ অসমতে সৰ্বাত্মক ৰূপত পৰাৰ বাতৰি পোৱা গৈছে।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটীতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে।

ৰাজপথত দুচকীয়া বাহন বা ব্যক্তিগত বাহনৰ চলাচলৰ বাহিৰে সকলো যাত্ৰী বাহী বা মালবাহী বাহনৰ চলাচল বন্ধ আছে।

ইয়াৰ মাজতে মহানগৰীৰ হাতীগাঁৱত এখন দুচকীয়া বাহন প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়াৰ বাতৰি পোৱা গৈছে।

তাৎপৰ্যপূৰ্ণভাৱে আজিৰ দিনটোত মহানগৰীৰ তেল ডিপো সমূহ সম্পূৰ্ণৰূপে বন্ধ আছে।

মহানগৰীত বন্ধ তেল ডিপ’সমূহ। ফটো: নৰ্থইষ্ট নাও

নেছ’ই আহ্বান জনোৱা বন্ধৰ প্ৰতি সঁহাৰি জনাই ১১ ঘণ্টা ৰাজ্যৰ সমূহ তেল ডিপোসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নৰ্থইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডীলাৰ এছোচিয়েশ্যনে।

এছোচিয়েশ্যনৰ গুৱাহাটী শাখাৰ সভাপতি ৰঞ্জিত গোস্বামীয়ে নৰ্থইষ্ট নাওক এই কথা জানিবলৈ দিয়ে।

ইপিনে, তেল ডিপো সমূহ বন্ধ থকাৰ ফলত মহা বিপাঙত পৰিছে জনসাধাৰণ।

আনহাতে, মহানগৰীৰ খানাপাৰা, বশিষ্ঠকে ধৰি বিভিন্ন প্ৰান্তত প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯’ সম্পূৰ্ণৰূপে বাতিলৰ দাবীত উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেছ’ৱে  ১১ ঘন্টীয়া উত্তৰ-পূব বন্ধৰ আহ্বান জনাইছিল।

এই বন্ধৰ প্ৰতি অসমৰ বহু জাতীয় সংগঠন,ৰাজনৈতিক সংগঠনে সমৰ্থন আগবঢ়াইছে।

Related News