ভাৰতত ২০২৫ চনৰ ১ জুনৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ আৰ্থিক পৰিৱৰ্তন কাৰ্যকৰী হ’ব, যাৰ ফলত সঞ্চয়, ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ আৰু প্ৰভিডেণ্ট ফাণ্ডত সম্ভাৱ্য প্ৰভাৱ পৰিব।
কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে ১ জুনৰ পৰা ইয়াৰ উন্নীতকৃত ইপিএফঅ’ ৩.০ ব্যৱস্থা আৰম্ভ কৰিব। নতুন ব্যৱস্থাৰ লক্ষ্য হৈছে পিএফৰ ধন উলিওৱা প্ৰক্ৰিয়া সৰল কৰা, কেৱাইচি আপডেট সুশৃংখলিত কৰা আৰু দাবী প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰা। এই ক্ষেত্ৰত ইপিএফৰ ধন সহজ আৰু দ্ৰুতভাৱে লাভ কৰিব পৰাকৈ এটিএমৰ প্ৰৱৰ্তন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।
ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ পুনৰীক্ষণ-
বৰ্তমানৰ হাৰ ৬.৫%ৰ পৰা ৭.৫%ৰ ভিতৰত থকাৰ বাবে বিত্তীয় বিশেষজ্ঞসকলে বিনিয়োগকাৰীসকলক সম্ভাৱ্য হাৰ কৰ্তনৰ পূৰ্বে অধিক লাভ অৰ্জন কৰিবলৈ এতিয়াই ধন জমা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।
মে’ মাহত গ্ৰাহকে এটিএমৰ পৰা নগদ ধন উলিয়াওঁতে অতিৰিক্ত ধন অদায় কৰিব লগীয়া হৈছিল। তেওঁলোকৰ বিনামূলীয়া মাহিলী সীমা অতিক্ৰম কৰাৰ পিছত তেওঁলোকে প্ৰতিটো লেনদেনত ২৩ টকা দিব লগা হৈছিল, যিটো আগতে ২১ টকা আছিল।
উল্লেখ্য যে গ্ৰাহকসকলে এতিয়াৰে পৰা নিজৰ বেংকৰ এটিএমত প্ৰতিমাহে পাঁচটা বিনামূলীয়া লেনদেনৰ সুবিধা লাভ কৰিব। (বিত্তীয় আৰু অবিত্তীয় দুয়োটা), মেট্ৰ’চহৰৰ আন বেংকৰ এটিএমত প্ৰতিমাহে তিনিটাকৈ বিনামূলীয়া লেনদেনৰ সুবিধা লাভ কৰিব আৰু নন-মেট্ৰ এলেকাত আন বেংকৰ এটিএমত প্ৰতিমাহে পাঁচটাকৈ বিনামূলীয়া লেনদেনৰ সুবিধা লাভ কৰিব।