কলিয়াবৰৰ বৰঘুলীত গৰাখহনীয়াৰ কালান্তক ৰূপ,নৈত জাহ গৈছে বিঘাই বিঘাই কৃষিভূমি

dog

*

কলিয়াবৰ ৮৯ নং বিধানসভা সমষ্টিৰ বৰঘুলী অঞ্চলত বিগত সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ ফলত বৰঘূলী অঞ্চলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে বৰঘূলীৰ নৈ-পৰীয়া ৰাইজৰ। লুইতৰ বুকুত জাহ গৈছে বিঘাই-বিঘাই কৃষিভূমি , ঘৰ দুৱাৰ, মছজিদ ,স্কুল ইত্যাদি।

নিজৰ থকা ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ গতি কৰিব লগা হৈছে বহু নৈ-পৰীয়া ৰাইজে।

বিগত পোন্ধৰ বছৰে ধৰি অব্যাহত গৰাখহনীয়াত ইতিমধ্যে লুইতৰ বুকুত জাহ গৈছে হাজাৰ-হাজাৰ বিঘা কৃষিভূমিৰ লগতে ভেটি-মাটি ,ঘৰ-দুৱাৰ ,বিদ্যালয় ,অঙ্গনবাড়ী কেন্দ্ৰ ,মন্দিৰ-মছজিদ।

আনহাতে এই গৰাখহনীয়াৰ কবলত পৰা অঞ্চলবাসীক নিৰাপত্তা প্ৰদান কৰিবলৈ চৰকাৰে এইবাৰ নতুনকৈ এটা মথাউৰি নিৰ্মাণ কৰিছে লগতে জিঅ’ বেগৰে সমগ্ৰ ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰিছে ওখকৈ ভেটি।

পুৰণি কৃষি বান্ধটো ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ পাছত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই অঞ্চলবাসীক নিৰাপত্তা প্ৰদান কৰিবৰ বাবে নতুনকৈ নিৰ্মাণ কৰা মথাউৰি আৰু জিঅ’ বেগৰ বান্ধে কিদৰে অঞ্চলবাসীক সুৰক্ষা প্ৰদান কৰিব সেয়া অনাগত দিনতহে লক্ষ্যণীয় হব।