”গণতন্ত্ৰৰ অৱক্ষয় বিশ্বৰ বিভিন্ন অঞ্চলত এটা গভীৰ সমস্যা হৈ দেখা দিছে” : চিআইএৰ অধ্যক্ষ

(প্ৰতিনিধিত্বমূলক ফটো)

গণতন্ত্ৰৰ অৱক্ষয় বিশ্বৰ বিভিন্ন অঞ্চলত এটা অতি গভীৰ সমস্যা হৈ দেখা দিছে।চিআইএৰ (CIA) ) অধ্যক্ষ উইলিয়াম বাৰ্নছে এইদৰে কৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থাটোৰ অধ্যক্ষজনে কয় যে যদিহে এই গণতান্ত্ৰিক শাসনপ্ৰণালীলৈ জনসাধাৰণৰ বিশ্বাস ঘূৰাই আনিব পাৰি, তেন্তে এই আৱাহাৱাটো সলনি হ’ব।

অধ্যক্ষজনে মাৰ্কিন চিনেটত হোৱা এক বৈঠকত বুধবাৰে এইদৰে কয়।

বৈঠকখনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমস্যাৱলী সম্পৰ্কে আলোকপাত কৰা হয়।

অধ্যক্ষজনে এইক্ষেত্ৰত মানৱ অধিকাৰ সংস্থা ‘ফ্ৰীডম হাউচ’ৰ শেহতীয়া এক প্ৰতিবেদনৰ ভিত্তিত এই ভাষ্য প্ৰদান কৰিছে।

তেওঁ কয় যে সমগ্ৰ বিশ্বজুৰি গণতন্ত্ৰ যোৱা পোন্ধৰ বছৰ ধৰি ম্লান পৰি আছে আৰু একনায়কত্ববাদে দেখা দিছে।

আনহাতে, চীন আৰু ৰাছিয়াৰ কথা উল্লেখ কৰি অধ্যক্ষজনে কয় যে এইধৰণৰ দেশসমূহত বৰ্তমান প্ৰচলিত শাসন প্ৰণালীসমূহ নাগৰিকসকলে আৰু পোন্ধৰ বছৰৰ বাবে একেদৰেই চলি থকাটো নিবিচাৰে।

তদুপৰি তেওঁ নিজৰ দেশৰ কথাও এইক্ষেত্ৰত ইংগিত কৰি কয় যে মাৰ্কিন যুক্তৰাষ্ট্ৰই শেহতীয়া কিছু বৰ্ষত এনেধৰণৰ গণতান্ত্ৰিক অৱক্ষয় প্ৰত্যক্ষ কৰিছিল।

এই অৱক্ষয়ক প্ৰত্যহ্বান জনোৱাৰ ক্ষেত্ৰত তেওঁ অনুভৱ কৰে যে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বিডেনে আন দেশসমূহৰ গণতান্ত্ৰিক ব্যৱস্থাৰ স’তে একেলগ হৈ কাম কৰিব, যাতে জনসাধাৰণক একোখন গণতান্ত্ৰিক শাসনপ্ৰণালীৰ প্ৰতি বিশ্বাসী কৰি তুলিব পাৰি।