যোৱা ১৫ আগষ্টত আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত হোৱা বৈঠকক লৈ যথেষ্ট চৰ্চা চলিছে।ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে ইতিমধ্যে কয় যে ইউক্ৰেইনৰ অবিহনে এই যুদ্ধৰ অন্ত পেলোৱা সম্ভৱ নহয়। একেটা ধাৰাত ইউৰোপীয় দেশসমূহেও কৈছে যে কিয়েভৰ অবিহনে এই যুদ্ধৰ অন্ত পেলোৱাৰ কোনো সিদ্ধান্ত ল’ব নোৱাৰি।
ব্ৰিটেইন, ফ্ৰান্স, ইটালী, জাৰ্মানী, পোলেণ্ড, ফিনলেণ্ড আৰু ইউৰোপীয় ইউনিয়নে এক যৌথ বিবৃতি দাখিল কৰিছে। ইয়াত স্পষ্টকৈ লিখা আছে, “ইউক্ৰেইনৰ অবিহনে ইউক্ৰেইনত শান্তিৰ পথ নিৰ্ধাৰণ কৰিব নোৱাৰি।”
ইফালে শনিবাৰে জেলেনস্কিয়ে ছ’চিয়েল মিডিয়াত কয়, “ইউক্ৰেইনে ৰাছিয়াক মাটি এৰি নিদিয়ে।ইউক্ৰেইন অবিহনে আলোচনাৰ মেজত বহি থকাটো অৰ্থহীন।আমি সকলোৱে শান্তি বিচাৰো।কিন্তু ইউক্ৰেইন অবিহনে এই যুদ্ধ শেষ হ’ব নোৱাৰে।” মুঠতে বৈঠকৰ আগত বহু বিতৰ্কৰ সৃষ্টি হৈছে। শুকুৰবাৰে পুটিনৰ সৈতে হোৱা বৈঠকখন ট্ৰাম্পে নিজেই ৰাজহুৱা কৰে। তেওঁ ট্ৰুথ ছ’চিয়েলত লিখিছে, “অৱশেষত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু মই লগ হ’ম। অহা শুকুৰবাৰে ১৫ আগষ্টত আমি আলাস্কাত লগ হ’ম।”
ইফালে ভাৰতে এই বৈঠকক আদৰণি জনায়। শুকুৰবাৰে এই সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এক বিবৃতি প্ৰকাশ কৰে। তেওঁ আশা প্ৰকাশ কৰে যে এইবাৰ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ উপায় বিচাৰি পোৱা যাব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিগত বক্তব্যৰ কথা স্মৰণ কৰি বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে এয়া যুদ্ধৰ সময় নহয়।