NORTHEAST NOW (Assamese)

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ৰাছিয়াই ধ্বংস কৰিলে ইউৰোপৰ অন্যতম বৃহৎ তীখা উদ্যোগ

March 20, 2022 6:25 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাছিয়ান সেনা বাহিনীৰ আক্ৰমণত বিস্তৰ ক্ষতিসাধন হৈছেইউক্ৰেইনৰ মাৰিঅ’পোলস্থিত ইউৰোপৰ অন্যতম বৃহৎ লো আৰু তীখাৰ উদ্যোগ ‘আজোভষ্টাল’ৰ। এই কথা প্ৰকাশ কৰিছে ইউক্ৰেইনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে।

“ইউৰোপৰ আটাইতকৈ ডাঙৰ ধাতুৰ উদ্যোগ ধ্বংস হৈছে।ইউক্ৰেইনৰ বৃহৎ অৰ্থনৈতিক লোকচান। পৰিৱেশ বিধ্বস্ত হৈ পৰিছে।” ইউক্ৰেইনৰ সাংসদ লেচিয়া ভাচিলেঙ্কোৱে এক টুইট যোগে কয়।

ভাচিলেঙ্কোৱে ঔদ্যোগিক স্থানত বিস্ফোৰণৰ এটা ভিডিঅ’ পোষ্ট কৰিছিল। ভিডিঅ’টোত অট্টালিকাবোৰৰ পৰা ধূসৰ আৰু ক’লা ধোঁৱাৰ এটা ডাঠ স্তৰ ওলাই থকা দেখিবলৈ পোৱা গৈছে।

 

এজোভষ্টাল হৈছে মেটইনভেষ্ট গোটৰ এক অংশ। এই গোটটো ইউক্ৰেইনৰ আটাইতকৈ ধনী ব্যক্তি ৰিনাত আখমেটভৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়।

যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে আখমেটভক মস্কোপন্থী বুলি গণ্য কৰা হৈছিল।

অৱশ্যে যুদ্ধৰ পিছতে আখমেটভে ৰাছিয়াৰ সৈন্যসকলে ইউক্ৰেনীয়সকলৰ মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰিছে বুলি দাবী কৰিছিল।

Related News