• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধাৰ কৰি হ’লেও ঘিউ, মৌ খাবলৈ লাগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক – অখিল গগৈ

অসমত জন্ম লৈয়ে ৩৮০০০ টকা ধাৰৰ বোজা ল'ব লাগে প্ৰতিজন শিশুৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2023 6:34 pm
196
VIEWS
Share on FacebookShare on Twitter

 আজি অসম বিধান সভাৰ তৃতীয় দিনা বিধান সভা চৌহদত সাংবাদিকৰে হোৱা কথা বতৰাত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে লোৱা অত্যাধিক ঋণক লৈ অসম চৰকাৰক তুলা ধুনা দিয়ে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। বিধায়ক গৰাকীয়ে স্বাধীনোত্তৰ কালত অসম চৰকাৰে লোৱা ঋণৰ এক পৰিসংখ্যা দাঙি ধৰি কয় যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনতেই অসমে সৰ্বতিকালৰ অভিলেখ ভংগ কৰি ঋণত ডুব গৈছে। মূল পৰিসংখ্যা সমূহৰ এখন প্লে-কাৰ্ড প্ৰদৰ্শন কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে কয় যে তৰুণ গগৈ চৰকাৰৰ শেষৰটো বিত্তীয় বৰ্ষত অৰ্থাৎ ৩১ মাৰ্চ, ২০১৬ তাৰিখে অসমৰ মুঠ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা, যিটো আছিল সেই সময়লৈকে স্বাধীনোত্তৰ কালৰ সৰ্বোচ্চ ঋণ। কিন্তু সেই অভিলেখ কেতিয়াবাই চেৰ পেলাই বিগত ৩০ নৱেম্বৰ, ২০২২ তাৰিখলৈ সেই ঋণ হ’লগৈ ১, ২৭, ০৭৩ কোটি টকা।

অখিল গগৈয়ে কয় যে এই পৰিসংখ্যা বিগত বিধান সভা অধিবেশনত বিত্তমন্ত্ৰীয়ে দিয়া যদিও আজিৰ তাৰিখলৈকে ৪২০০ কোটি টকাৰ ঋণ পুনৰ অসম চৰকাৰে লৈছে, অৰ্থাৎ আজিৰ দিনটোত মুঠ ঋণৰ পৰিমাণ ১, ৩১, ২৭৩ কোটি টকা। অখিল গগৈয়ে দাঙি ধৰা তথ্য অনুসৰি প্ৰতিজন অসমবাসীৰ ওপৰত কেৱল অসম চৰকাৰৰ ধাৰৰ বোজা ৩৮,০০০ টকা।

বিধায়ক গৰাকীয়ে বিগত তিনিজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত লোৱা ঋণৰ এক তুলনামূলক বিশ্লেষণ কৰি কয় যে ২০১৬ চনৰ পৰা ২০২১ চনলৈ মুঠ পাঁছ বছৰত সৰ্বানন্দ সোনোৱাল চৰকাৰে ঋণ লৈছিল ৪৮,৮০১ কোটি টকা, আনহাতে ২ বছৰ সম্পূৰ্ণ নৌহওঁতেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঋণ ল’লে ৪০,৫০৯ কোটি টকা। ইয়াৰ পূৰ্বে তৰুণ গগৈ চৰকাৰৰ ১৫ বছৰৰ আৰু তাৰ পূৰ্বৰ সৰ্বমুঠ ঋণ আছিল ৪১,৯৬৪ কোটি টকা। ইয়াৰ দ্বাৰা প্ৰতিপন্ন হয় যে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ কালতেই অসম চৰকাৰে আটাইতকৈ ঋণগ্ৰস্ত চৰকাৰ হিছাপে অভিলেখ ভংগ কৰিছে।

বিধায়ক গৰাকীয়ে বৰ্ণনা কৰি কয় যে ঋণ নিৰ্ভৰ হৈ পৰাৰ বাবেই অসম চৰকাৰে আঁচনি ঘোষণা কৰাৰ বাবে অথবা আঁচনি কাৰ্য্যকৰী কৰিবৰ বাবে অপেক্ষা কৰিব লগীয়া হয়। তেওঁ কয় এতিয়া প্ৰত্যেক মাহে মাহে কেবিনেট পতাৰ মূল উদ্দেশ্যই হ’ল ধাৰ বিচৰা। কেন্দ্ৰীয় চৰকাৰে এতিয়া ঋণ দিয়া বন্ধ কৰাৰ বাবে অসম চৰকাৰে ঋণ মুকলি বজাৰৰ পৰা ল’বলৈ বাধ্য হৈছে, যাৰ বাবে সুদৰ হাৰো অত্যাধিক ভৰিব লগীয়া হৈছে।

বিধায়ক গৰাকীয়ে এটা সংষ্কৃত শ্লোক আওৰাই কয় ‘ঋণং কৃত্বা ঘৃতং পিবেৎ?’ অৰ্থাৎ ধাৰ কৰি হ’লেও কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনে ঘিউ, মৌ খাবলৈ এৰা নাই। এফালে যদি মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ, চাৰ্টাৰ্ড বিমানত উৰিছে, আনফালে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীয়ে আকাশমাৰ্গৰ পৰা এৰিয়েল ছাৰ্ভে কৰিছে, হিতাধিকাৰীৰ আঁচনি ঘোষণা কৰিছে। সেয়ে অখিল গগৈয়ে চৰকাৰক দাবী জনাইছে যে চৰকাৰে ধাৰ লৈ ঘিউ, মৌ খোৱা বাদ দি প্ৰকৃতাৰ্থত উন্নয়ন মূলক কাম কৰিব লাগে।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd