NORTHEAST NOW (Assamese)

হেক হ’ল ঘৰত লগোৱা চিচিটিভি! সকলোৱে দেখিলে ইউটিউবাৰৰ উলংগ ছবি

December 14, 2023 7:46 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 14, 2023 6:51 pm

বহু লোকে নিজৰ ঘৰৰ ভিতৰত চিচিটিভি কেমেৰা স্থাপন কৰে। গতিকে এই ক্ষেত্ৰত হওক সাৱধান।

যিকোনো সময়তে আপোনাৰ গোপনীয়তা উন্মোচিত হ’ব পাৰে। 

শেহতীয়াকৈ ঘৰৰ ভিতৰত চিচিটিভি কেমেৰা লগোৱাৰ পৰিণাম ভুগিছে এজন ইউটিউবাৰে।

ইউটিউবাৰজনে ঘৰত চিচিটিভি কেমেৰা স্থাপন কৰিছিল। 

ইয়াৰ পিছত ইউটিউবাৰৰ উলংগ ফটো আৰু ভিডিঅ’, গোপন মুহূৰ্তৰ দৃশ্য নেট জগতত বিয়পি পৰিছে। বন্ধু এজনৰ পৰা জানিব পাৰি ইউটিউবাৰগৰাকীয়ে বান্দ্ৰা (পশ্চিম) আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

নেট জগতত বিয়পি পৰা সেই সকলোবোৰ ভিডিঅ’ত ইউটিউবাৰজনক উলংগ হৈ ঘূৰি ফুৰা দেখা গৈছে। তেওঁৰ মাতৃ আৰু ভগ্নীকো বাথৰুমৰ পৰা উলংগ হৈ ওলাই অহা ফুটেজ ভাইৰেল হৈ পৰিছে। 

জনিব পৰা মতে ১৭ নৱেম্বৰত ইউটিউবাৰৰ ঘৰৰ চিচিটিভি হেক কৰি সেই সকলোবোৰ ভিডিঅ’ আৰু ছবি সংগ্ৰহ কৰিছিল চাইবাৰ অপৰাধীয়ে।

ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আৰু তথ্য প্ৰযুক্তি আইনৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাৰ বিষয়াসকলেও এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Related News