অতুল বৰা, ফণীভূষণ চৌধুৰীৰ উপস্থিতিত অগপত যোগদান এ আই য়ু ডি এফৰ প্ৰাক্তন বিধায়ক শ্বেখ শ্বাহ আলমৰ

Shaik Sah Alam

অগপত যোগদান কৰাৰ সময়ত শ্বাহ আলম। ফটো-ইণ্টাৰনেট

লোকসভা নিৰ্বাচনত অসম গণ পৰিষদে এখন আসনতো জয় লাভ কৰিবলৈ সক্ষম নহলেও শুকুৰবাৰে অগপত যোগদান কৰে এ আই য়ু ডি এফ দলৰ প্ৰাক্তন বিধায়ক শ্বেখ শ্বাহ আলমে।

পশ্চিম গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক আলমে অগপৰ সভাপতি অতুল বৰা, অসম চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু জাভেদ ইছলামৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এ আই য়ু ডি এফৰ পৰা আহি অগপ দলত যোগদান কৰে।

অগপৰ সভাপতি অতুল বৰা আৰু ফণীভূষণ চৌধুৰীয়ে শ্বেখ শ্বাহ আলমক দলৰ মজিয়ালৈ আদৰণি জনাই তেওঁৰ অগপ দলত যোগদানে পশ্চিম গোৱালপাৰাত দলটোৰ শক্তি বৃদ্ধি কৰিব বুলি আশা ব্যক্ত কৰে।

উল্লেখযোগ্য যে, লোকসভা নিৰ্বাচনৰ সময়ত এ আই য়ু ডি এফৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব বুলি ব্যাপক চৰ্চা চলিছিল যদিও আলমে বিজেপিত যোগদান নকৰি বিজেপিৰ মিত্ৰশক্তি অগপত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আলমে পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ পৰা এ আই য়ু ডি এফৰ প্ৰাৰ্থী হিচাপে ২০১১ নিৰ্বাচনত বিজয়ী হোৱাৰ বিপৰীতে ২০১৬ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ আবদুৰ ৰছিদ মণ্ডলৰ বিৰুদ্ধে প্ৰায় ২৪,০০০ ভোটত পৰাজিত হয়।

আনহাতে, কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। সংবাদ মাধ্যমৰ আগতো কুৰ্মীয়ে পাকে-প্ৰকাৰে সমষ্টিবাসী ৰাইজৰ ওপৰত দায় ঠেলি দি ৰাইজে বিচাৰিলে আৰু বিজেপিৰ ফালৰ পাৰ আমন্ত্ৰণ লাভ কৰিলে বিজেপিত যোগদান কৰাৰ প্ৰতি আগ্ৰহী বুলি মন্তব্য কৰিছিল।