NORTHEAST NOW (Assamese)

প্ৰথমে পত্নীক হত্যা! তাৰ পাছত খণ্ডিত শৰীৰ প্ৰেচাৰ কুকাৰত সিজাই দলিয়ালে স্বামীয়ে

January 23, 2025 12:32 pm · এন ই নাও নিউজ, গুৱাহাটী

তেলেংগানাৰ হায়দৰাবাদত সংঘটিত হৈছে এক শীতল মস্তিষ্কৰে কৰা অপৰাধ। কন্যাৰ নিৰুদ্দেশক লৈ ক্ৰমাৎ চিন্তিত হৈ পৰা পিতৃ-মাতৃয়ে ১৮ জানুৱাৰীত মীৰপেট থানাত নিৰুদ্দেশ হোৱা মহিলাক বিচাৰি এফআইআৰ দাখিল কৰে।

তেওঁলোকৰ সন্দেহৰ সৃষ্টি হৈছিল তেওঁলোকৰ কন্যাৰ স্বামী গুৰুমূৰ্তিক লৈ, যিয়ে প্ৰথমে একো নজনাৰ অভিনয় কৰি তেওঁলোকৰ সৈতে থানালৈ গৈছিল। কিন্তু তদন্তৰ সময়ছোৱাত সবিশেষ ওলাই পৰে।

আৰক্ষীৰ মতে গুৰুমূৰ্তিয়ে পত্নীক হত্যা কৰিছিল। ইয়াৰ পাছতে পত্নীৰ মৃতদেহটো কাটি পেলোৱাৰ লগতে তাৰ কিছু অংশ প্ৰেচাৰ কুকাৰত ৰান্ধি প্ৰমাণ লুকুৱাবলৈ চেষ্টা কৰা বুলি অভিযোগ উঠিছে।

বৰ্তমান নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত সেনাবাহিনীৰ প্ৰাক্তন জোৱান গুৰুমূৰ্তিয়ে জিলেলাগুডাৰ তেওঁলোকৰ বাসগৃহৰ সমীপৰ চন্দন হ্ৰদত মৃতদেহৰ অংগসমূহ উদ্ধাৰ কৰা বুলি দাবী কৰে। স্বীকাৰোক্তি দিয়াৰ পাছতো মৃতদেহটো আৱিষ্কাৰ হোৱা নাই, আৰু আৰক্ষীয়ে অধিক প্ৰমাণ সংগ্ৰহ কৰি তদন্ত সক্ৰিয়ভাৱে চলাই আছে।

Related News