যোৰহাট জিলাৰ টীয়ক ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি ,ক্ৰীড়া সংগঠক ,অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ শাৰিৰীক পৰিদৰ্শক, সমাজকৰ্মী মুকুল দত্তৰ নিজা বাসগৃহত মৃত্যু হয় ।
বিশিষ্ট ক্ৰীড়া সংগঠক গৰাকীক ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি সন্ধিয়া টীয়কত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।
টীয়কৰ বিভিন্ন ব্যক্তি তথা অনুষ্ঠানে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
এগৰাকী ক্ৰীড়া সংগঠক হিচাবে প্ৰয়াত দত্তই আগবঢ়াই যোৱা অৱদানক আজি বিভিন্ন জনে শ্ৰদ্ধাৰে স্মৰণ কৰে।