অধিনায়ক হিচাপে মহেন্দ্ৰ সিং ধোনী বেছি দলীয় বৈঠকত বিশ্বাস নকৰে; ধোনীৰ প্ৰশংসাত দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক

দক্ষিণ আফ্ৰিকাৰ তাৰকা ক্ৰিকেটাৰ তথা প্ৰাক্তন অধিনায়ক ফাফ ডু প্লেছিছে মহেন্দ্ৰ সিং ধোনীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।

ডু প্লেছিছে ধোনী সম্পৰ্কে মত ব্যক্ত কৰি ধোনীয়ে চেন্নাই চুপাৰ কিংছৰ অধিনায়ক হিচাপে অধিক সংখ্যক দলীয় বৈঠকত বিশ্বাসী নাছিল বুলি কয়।

‘‘এয়া মোৰ বাবে আচৰিত আছিল যে অধিনায়ক হিচাপে ধোনী কিমান পৃথক আছিল অন্য অধিনায়ক সকলৰ সৈতে। মই ভাবিছিলো অধিনায়ক হিচাপে ধোনীয়ে দলীয় বৈঠকত বহু কথা ক’ব কিন্তু তেওঁ বৰ সৰল অধিনায়ক আৰু ক্ৰিকেটীয় জ্ঞানৰ ভড়াল,’’ ডু প্লেছিছে কয়।

ফাফ ডু প্লেছিছ আৰু মহেন্দ্ৰ সিং ধোনী আই পি এলত চেন্নাই চুপাৰ কিংছৰ হৈ খেলে।

ইয়াৰ পূৰ্বে ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কেভিন পিটাৰছেনেও মহেন্দ্ৰ সিং ধোনীক সৰ্বকালৰ শ্ৰেষ্ঠ অধিনায়ক হিচাপে বাচনি কৰিছিল।

‘‘মই নাজানো কিন্তু মোক যদি কোনোবাই শ্ৰেষ্ঠ অধিনায়ক বাচনি কৰিবলৈ কয় মই ধোনীৰ নামটো ল’বই লাগিব,’’ ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে এইদৰে কয়।

উল্লেখযোগ্য যে, ভাৰতীয় দলৰ বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনী বিগত বৰ্ষৰ বিশ্বকাপত ভাৰতীয় দলৰ পৰাজয়ৰ পাছৰে পৰা খেলপথাৰৰ পৰা আতৰি আছে।

মহেন্দ্ৰ সিং ধোনীৰ ক্ৰিকেট ভবিষ্যত সম্পৰ্কে বৰ্তমান যথেষ্ঠ জল্পনা-কল্পনা অব্যাহত আছে।